১ নৱেম্বৰৰ পৰা তিনিচুকীয়াত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থমেলা’

বিশিষ্ট গ্ৰন্থকাৰ আৰু নবীন লেখকৰ অংশগ্রহণেৰে জীপাল হ’ব ‘চলিহা নগৰ খেলপথাৰ’

১ নৱেম্বৰৰ পৰা তিনিচুকীয়া চহৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব দহদিনীয়া ‘অসম গ্ৰন্থমেলা, তিনিচুকীয়া’। এই গ্রন্থমেলাত দিল্লী, কলকাতাৰ উপৰি অসমৰ বহু উল্লেখযোগ্য প্ৰকাশক আৰু গ্ৰন্থ বিক্রেতাই ভাগ ল’ব বুলি নিশ্চিতি প্ৰদান কৰিছে। তিনিচুকীয়াৰ চলিহা নগৰস্থিত খেলপথাৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে এই গ্রন্থমেলা অনুষ্ঠিত হ’ব। তিনিচুকীয়া, ধেমাজি তথা ডিব্ৰুগড় জিলাৰ নবীন লেখকসকলৰ উপৰি তিনিচুকীয়া জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক এই গ্ৰন্থমেলাৰ সৈতে সংযুক্ত কৰাৰ বাবে আয়োজকসকলে ইতিমধ্যে বিভিন্ন অনুষ্ঠান, প্রতিযোগিতা আদিৰ পৰিকল্পনা কৰিছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে ১ নৱেম্বৰত বিয়লি ৩ বজাত হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানলৈ কেইবাগৰাকী বিশিষ্ট লেখকক আমন্ত্রণ জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ চহৰত ৩১ অক্টোবৰৰ পৰা অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অনিবার্য কারণবশতঃ এই গ্ৰন্থমেলাৰ সময়সূচী পিছুৱাই দিয়া হৈছে। পৰৱৰ্তী সময়ত লখিমপুৰত হ’বলগীয়া ‘অসম গ্ৰন্থমেলাৰ সময়সূচী ঘোষণা কৰা হ’ব বুলি সচিবে বিজ্ঞপ্তিটোত জানিবলৈ দিছে। উক্ত সময়খিনিতে তিনিচুকীয়া চহৰত অসম গ্ৰন্থমেলা’ আয়োজন কৰিবলৈ লোৱা সিদ্ধান্তৰ প্রতি প্রকাশক তথা গ্রন্থ বিক্ৰেতাসকলে আদৰণি জনাইছে। এই গ্ৰন্থমেলা আয়োজন কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা আয়ুক্ত তথা তিনিচুকীয়া পৌৰসভাৰ চেয়াৰমেনে জনোৱা সঁহাৰি তথা সহযোগৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই ধন্যবাদ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...