অসম জাতীয় বিদ্যালয়ে কৰ ফাঁকি দিয়া নাই, স্পষ্টীকৰণ পৰিচালনা সমিতিৰ সচিবৰ

গুৱাহাটীৰ ২৫০খন শিক্ষানুষ্ঠানে গুৱাহাটী পৌৰ নিগমক বহু বছৰ ধৰি কৰ ফাঁকি দি আহিছে। বাৰম্বাৰ জনোৱাৰ পিছতো বহু শিক্ষানুষ্ঠানে কেৰেপ কৰা নাই প্ৰশাসনৰ আহ্বান। আন বিদ্যালয়বোৰৰ লগতে নুনমাটিস্থ অসম জাতীয় বিদ্যালয়ৰ নামো কৰ ফাঁকি দিয়া বিদ্যালয়ৰ তালিকাত থকাৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে যে অসম জাতীয় বিদ্যালয়ে আৰম্ভণিৰে পৰাই গুৱাহাটী পৌৰ নিগমক নিয়মীয়াকৈ কৰ পৰিশোধ কৰি আহিছে। চলিত বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ ২০২২ লৈকে দিবলগীয়া পৌৰ নিগমৰ কৰো গুৱাহাটী পৌৰ নিগমৰ বিল নং ৩১৩৬৭৫০ৰ বিপৰীতে ৰছিদ নং ৭২১১৩৭ যোগে ১৩ আগষ্ট ২০২১ত পৌৰ নিগমৰ কাৰ্যালয়ত জমা দিয়া হৈছে। অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই সদৰি কৰিছে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...