অসম জাতীয় বিদ্যালয়ে কৰ ফাঁকি দিয়া নাই, স্পষ্টীকৰণ পৰিচালনা সমিতিৰ সচিবৰ

গুৱাহাটীৰ ২৫০খন শিক্ষানুষ্ঠানে গুৱাহাটী পৌৰ নিগমক বহু বছৰ ধৰি কৰ ফাঁকি দি আহিছে। বাৰম্বাৰ জনোৱাৰ পিছতো বহু শিক্ষানুষ্ঠানে কেৰেপ কৰা নাই প্ৰশাসনৰ আহ্বান। আন বিদ্যালয়বোৰৰ লগতে নুনমাটিস্থ অসম জাতীয় বিদ্যালয়ৰ নামো কৰ ফাঁকি দিয়া বিদ্যালয়ৰ তালিকাত থকাৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে যে অসম জাতীয় বিদ্যালয়ে আৰম্ভণিৰে পৰাই গুৱাহাটী পৌৰ নিগমক নিয়মীয়াকৈ কৰ পৰিশোধ কৰি আহিছে। চলিত বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ ২০২২ লৈকে দিবলগীয়া পৌৰ নিগমৰ কৰো গুৱাহাটী পৌৰ নিগমৰ বিল নং ৩১৩৬৭৫০ৰ বিপৰীতে ৰছিদ নং ৭২১১৩৭ যোগে ১৩ আগষ্ট ২০২১ত পৌৰ নিগমৰ কাৰ্যালয়ত জমা দিয়া হৈছে। অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই সদৰি কৰিছে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...