গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এলানি বৈঠকত জলসিঞ্চন বিভাগ, নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়, পৌৰ প্ৰশাসন সঞ্চালকালয়, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী কোষ তথা বানমুক্ত গুৱাহাটী অভিযান (মিছন ফ্লাড ফ্ৰী গুৱাহাটী)ৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে৷ আজিৰ বৈঠকত মূলতঃ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৰাজ্যৰ বিভিন্ন নগৰাঞ্চলত ৰূপায়িত বিভিন্ন প্ৰকল্প, পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ একীকৃত ৱেৱ পৰ্টেল, টাউন হলৰ নিৰ্মাণ, অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান ব্যৱস্থা, চহৰসমূহৰ মাষ্টাৰ প্লেন, নলা-নৰ্দমা নিৰ্মাণৰ মাষ্টাৰ প্লেন, টিডিআৰ পলিচী আদি বিভিন্ন দিশৰ খৰচি মাৰি পৰ্যালোচনা কৰে৷ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সুমিত সত্তাৱনৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷

আনহাতে, জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰী সিংহলে জলসিঞ্চন বিভাগৰ শেহতীয়া কাম-কাজসমূহৰ পৰ্যালোচনা কৰে৷ বিশেষকৈ বিকল হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিতকৰণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা তেনে প্ৰকল্পসমূহ সোনকালে আনুষ্ঠানিকভাৱে মুকলিকৰণৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। কৃষি বিভাগৰ সৈতে ইতিমধ্যে হোৱা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আঁত ধৰি আন্তঃবিভাগীয় সমন্বয় ব্যৱস্থা শক্তিশালীকৰণৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী তথা আয়ুক্ত-সচিব এম এছ মনিৱন্ননৰ লগতে বিভাগটোৰ মুখ্য অভিন্তাকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...