ভাৰত কেৱল হিন্দুৰেই নহয়! ৰাহুল গান্ধীক উভতি ধৰিলে আছাদুদ্দিন ওৱেছীয়ে

দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থানৰ ৰাজধানী জয়পুৰত কংগ্ৰেছৰ এক কাৰ্যসূচীত অংশ লৈ হিন্দু ধৰ্ম আৰু হিন্দুত্ববাদৰ ওপৰত কৰিছিল গুৰুত্বপূৰ্ণ মন্তব্য। ‘মই হিন্দু, কিন্তু হিন্দুত্ববাদী নহয়’। ৰাজস্থানৰ বিশাল জনসভাত নিজকে হিন্দু বুলি দাবী কৰি বিজেপিৰ হিন্দুত্ববাদক কটাক্ষ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বিজেপিৰ হিন্দুত্ববাদৰ বাবেই দেশত মূল্যবৃদ্ধি তথা দেশবাসী দুখ দুদৰ্শাৰ সন্মুখীন হোৱা বুলি কটাক্ষ কৰি ৰাহুল গান্ধীয়ে দিছিল হিন্দু আৰু হিন্দুত্ববাদৰ সংজ্ঞা।

হিন্দু আৰু হিন্দুত্ববাদীৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰি ৰাহুলে সভাৰ মঞ্চতে হিন্দুত্ববাদীসকলক ক্ষমতাৰ পৰা আঁতৰাই হিন্দুসকলক ঘূৰাই আনিবলৈ আহ্বান জনাইছিল। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে উভতি ধৰে AIMIMৰ নেতা আছাদুদ্দিন ওৱেছীয়ে। তেওঁ কয় ভাৰত কেৱল হিন্দুৰ নহয়, প্ৰতিজন ভাৰতীয়ৰহে। কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতাক সমালোচনা কৰি ওৱেছীয়ে প্ৰশ্ন কৰে যে হিন্দুসকলক ক্ষমতালৈ অনাটো কেনেকৈ ধৰ্মনিৰপেক্ষ এজেণ্ট হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...