৭৮ সংখ্যক স্বাধীনতা দিৱস আনন্দৰে উদযাপনৰ পৰিৱৰ্তে বিৰহ হ’ব নেকি?

শিৱসাগৰৰ DTO অফিচৰ এখন পুৰণি গাড়ীত বোমা
গুৱাহাটীৰ গান্ধী মণ্ডপৰ ট্ৰেন্সফৰ্মাৰ বোৰ্ডৰ বাকচত
নলবাৰী পুৰণা মেডিকেললৈ যোৱা যোৱা পথটোৰ কাষত থকা এখন পৰিত্যক্ত এম্বুলেন্সত বোমা

৭৮ সংখ্যক স্বাধীনতা দিৱস আনন্দৰে উদযাপনৰ পৰিৱৰ্তে বিৰহ হ’ব নেকি? সেই শংকাত পুৱাৰ পৰা হুলস্থুল লাগিল ৰাজ্যত। কাৰণ ১৪ আগষ্টত ভাবুকি দিয়াৰ দৰেই ১৫ আগষ্টত ৰাজ্যৰ ভিন্ন প্ৰান্তত বোমা থকাৰ খবৰ পোহৰলৈ আহিল। স্বাধীনতা দিৱসৰ দিনা ৬ বজাৰ পৰা ১২ বজালৈ নাগৰিকক ঘৰতে থকাৰ আহ্বান জনাইছিল আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। এইখিনি সময়ত সামৰিক আক্ৰমণৰ ভাবুকি দিছিল সেনাধ্যক্ষজনে।

১৫ আগষ্টত তেনেকুৱাই হ’ল…
শিৱসাগৰৰ DTO অফিচৰ এখন পুৰণা গাড়ীত
শিৱসাগৰৰ বি জি ৰোডত এখন পুৰণা এম্বুলেন্সত
লাকুৱা তিনি আলিত, থানাৰ সমীপত
ডিব্ৰুগড় ASTCৰ এখন পুৰণা বাছত
লখিমপুৰ ASTCৰ এখন পুৰণা বাছত
লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত থকা পুৰণা গাড়ীত
লালুক দৈনিক বজাৰৰ আৱৰ্ত ভৱনৰ সমীপত
নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ সমীপত
নগাঁও মেডিকেল কলেজলৈ যোৱা পথৰ এটা ইটা ভাটাত
দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি ভূমিত
গান্ধী মণ্ডপ
নাৰেংগী আৰ্মী কেম্পলৈ যোৱা পথত
পানবজাৰত এখন গুমতিৰ তলত
যোৰাবাট উৰণ সেতুৰ সমীপত
ভেটাপাৰা, মালিগাঁও, ৰাজগড়ত
নলবাৰীৰ পুৰণা মেডিকেললৈ যোৱা পথৰ কাষত
গোৰেশ্বৰ চ’ক, তামুলপুৰত
তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট

এনেদৰেই কুৰিৰো অধিক স্থান বোমা সংস্থাপন কৰাৰ কথা কৈ প্ৰেছ বাৰ্তা প্ৰেৰণ কৰিলে আলফা স্বাধীনে। তাৰ পাছতে হাহাকাৰ লাগিল আৰক্ষীৰ। তালিকাত উল্লেখ থকা জিলাৰ আৰক্ষী অধীক্ষক দলে-বলে ৰাওনা হ’ল ঘটনাস্থলীলৈ। লগত স্নিফাৰ ডগ, বোম্ব স্কোৱাড। সন্ত্ৰস্ত সাধাৰণ জনতা।

বোমা থকা স্থানত গঢ়ি তোলা হ’ল কটকটীয়া নিৰাপত্তা ব্যৱস্থা
সেই স্থানৰ পৰা বহু দূৰলৈ থকা দোকান-পোহাৰ খালী কৰি দিয়া হ’ল
অভিযান চলালে আৰক্ষী-সেনাই

বোমা নিষ্ক্ৰিয় কৰা অভিযানত নামি পৰিল।
শিৱসাগৰৰ দুয়ো ঠাইতে সংস্থাপিত বোমা উদ্ধাৰ
নলবাৰীত উদ্ধাৰ বোমাসদৃশ সামগ্ৰী
গুৱাহাটী ২ ঠাইত উদ্ধাৰ বোমাসদৃশ সামগ্ৰী
৬ ঠাইত আৰক্ষীয়ে একো নাপালে


এইদৰেই একাধিক ঠাইত বিস্ফোৰক জাতীয় সামগ্ৰী উদ্ধাৰ কৰিলে আৰক্ষীয়ে। বহু ঠাইত আৰক্ষীয়ে একো নাপালে। গুৱাহাটীৰ একাধিক স্থানত প্ৰতিকূল বতৰৰ বাবে স্থগিত বোমা বিচাৰি চলা অভিযান। এই ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি X হেণ্ডেলত লিখিলে আৰক্ষী সঞ্চালকপ্ৰধানে। লখিমপুৰ, শিৱসাগৰ, নলবাৰী, নগাঁৱত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱাৰ খবৰ দিলে জি পি সিঙে। এই সামগ্ৰীসমূহ প্ৰেৰণ কৰা হৈছে ফৰেণছিকলৈ। কৰা হ’ব ৰাসায়নিক পৰীক্ষণ।

এই ঘটনাৰ অনুসন্ধান চলিব বুলিও জনালে আৰক্ষী সঞ্চালকপ্ৰধানে। আলফা স্বাধীনৰ এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে- অসমলৈ ভাল পৰিৱেশ ঘূৰি আহিছিলহে… এনে ঘটনা গ্ৰহণযোগ্য নহয়… শান্তি প্ৰক্ৰিয়াৰ মাজলৈ আহক পৰেশ বৰুৱাঃ মুখ্যমন্ত্ৰী।

এই ঘটনাই ৰাজ্যজুৰিয়ে এক শংকাৰ পৰিৱেশ সৃষ্টি কৰিলে। উদ্ধাৰ হোৱা ঠাইত হ’ল। কিন্তু যিসমূহ ঠাইত বোমা উদ্ধাৰ নহ’ল তাত এতিয়া কেৱল অনিশ্চয়তা। আশংকা… অভিযান হয়তো সোনকালে শেষ নহ’ব। বহু আশংকাই ঘনিভূত হৈছে এতিয়া।

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...