দিল্লীৰ আবকাৰী কেলেংকাৰিক লৈ ‘আপ’ক টাৰ্গেট কেন্দ্ৰৰ

দিল্লীৰ আবকাৰী কেলেংকাৰি সম্পৰ্কত এইবাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ CBIৰ চমন। দেওবাৰে CBIৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰী কেজৰিৱালক। CBI চমন লাভ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মুখ্যমন্ত্ৰী কেজৰিৱাল। বিজেপি চৰকাৰে আম আদমী পাৰ্টিক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে CBI আৰু EDক চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা বুলি দাবী কৰে।

দিল্লীৰ আবকাৰী কেলেংকাৰিক লৈ ‘আপ’ক টাৰ্গেট কেন্দ্ৰৰ

এইবাৰ মুখ্যমন্ত্ৰী কেজৰিৱাললৈ CBIৰ চমন

দেওবাৰে CBIৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ কেজৰিৱালক

‘আপ’ৰ উত্থানত বিজেপি শংকিত বুলি দাবী কেজৰিৱালৰ

দিল্লীৰ আবকাৰী কেলেংকাৰি সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ CBIয়ে চমন জাৰি কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। CBIয়ে দেওবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালক কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। ইয়াৰ পিছতে শনিবাৰে সংবাদমেলযোগে মুখ্যমন্ত্ৰী কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন কৰে। কেন্দ্ৰীয় চৰকাৰে আপৰ উত্থানত শংকিত হৈ দলটোক টাৰ্গেট কৰি লোৱা বুলি অভিযোগ কৰে কেজৰিৱালে। দেওবাৰে CBIৰ কাৰ্যালয়ত হাজিৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয় যে বিগত ৭৫ বছৰত কোনো দলকে আম আদমী পাৰ্টিৰ লেখীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হোৱা নাছিল। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কেজৰিৱালৰ স্পষ্ট অভিযোগ

‘CBI-EDক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে চৰকাৰে’

‘দিল্লীত কোনো আবকাৰী কেলেংকাৰি সংঘটিত হোৱা নাই’

মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে ভুৱা শপতনামা দাখিল কৰিছে CBI-EDয়ে

আবকাৰী কেলেংকাৰিৰ সাক্ষ্য-প্ৰমাণ নষ্ট কৰিবলৈ ছিছ’দিয়াই ১৪টাকৈ ফোন নষ্ট কৰাৰ বুলি CBI-EDয়ে উত্থাপন কৰা অভিযোগ নাকচ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে ছিছ’দিয়াৰ পৰা জব্দ কৰা ৪টা ফোন EDৰ হাতত এটা ফোন CBIৰ হাতত আছে। এই কথা জনাৰ পিছতো ছিছ’দিয়াৰ বিৰুদ্ধে আদালতত ভুৱা শপতনামা দাখিল কৰিছে তদন্তকাৰী সংস্থা দুটাই। ছিছ’দিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ উৎকোচ দিয়াৰো অভিযোগ উত্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী কেজৰিৱালৰ প্ৰশ্ন–

ছিছ’দিয়াই উৎকোচ দিয়া ১০০ কোটি টকা ক’লৈ গ’ল?

৪০০ বাৰকৈ তালাচী চলোৱাৰ পছতো সন্ধান নাই এই ধনৰ

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈ মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে দিল্লীৰ আবকাৰী কেলেংকাৰি সন্দৰ্ভত CBI-EDয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক্ৰমে কাম কৰি গৈছে। আপক শ’লঠেকত পেলাবলৈকে বিজেপি নেতৃত্বৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাবাহিকভাৱে দলটোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। প্ৰমাণ অবিহনে কেৱল অভিযোগৰ ভিত্তিত কোনো লোকক গ্ৰেপ্তাৰ কৰাতো সম্ভৱ নহয় বুলি উল্লেখ কৰি কেজৰিৱালে কয় যে তেওঁ মোদীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিব পাৰে।

‘মই প্ৰধানমন্ত্ৰী মোদীক ১০০০ কোটি টকা দিছোঁ’

এই অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰাটো সম্ভৱনে?

মুখ্যমন্ত্ৰী কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ লগতে তদন্তকাৰী সংস্থা CBI আৰু EDৰ অভিযোগৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰে। তদন্তকাৰী সংস্থা দুটাৰ বিৰুদ্ধে শীঘ্ৰে গোচৰ তৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...