ফ্ৰান্সৰ আকাশত ভাৰতীয় যুঁজাৰু বিমানৰ গৰ্জন

ভাৰতীয় বায়ুসেনাৰ এটা দল কাইলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব, ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ (এফ এ এছ এফ) বায়ুসেনাৰ ঘাটি মণ্ট-ডি-মাৰ্ছানত অনুষ্ঠিত হোৱা এক্সাৰচাইজ অৰিয়ানত অংশ ল’ব দলটোৱে। ২০২৩ চনৰ ১৭ এপ্ৰিলৰ পৰা ৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনত চাৰিখন ৰাফেল, দুখন চি-১৭, দুখন এল-৭৮ বিমান আৰু ১৬৫খন এয়াৰ ৱাৰিয়ৰ থাকিব। আই এ এফৰ ৰাফেল বিমানৰ বাবে এইটোৱেই হ’ব প্ৰথম বহিঃদেশৰ অনুশীলন।

আই এ এফ আৰু এফ এ এছ এফৰ উপৰিও জাৰ্মানী, গ্ৰীচ, ইটালী, নেদাৰলেণ্ড, যুক্তৰাজ্য, স্পেইন আৰু আমেৰিকাৰ বায়ুসেনাইও এই বহুপক্ষীয় অনুশীলনত অংশ ল’ব। এই অনুশীলনত অংশগ্ৰহণে অন্যান্য বায়ুসেনাৰ পৰা উত্তম পদ্ধতিসমূহ গ্ৰহণ কৰি ভাৰতৰ বায়ুসেনাৰ নিয়োগ দৰ্শনক আৰু অধিক সমৃদ্ধ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...