স্বাধীনতাৰ ৭৫ বছৰৰ পিছত অৰুণাচলে লাভ কৰিব প্ৰথমটো বিমান বন্দৰ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে লাভ কৰিব প্ৰথমটো পূৰ্ণাংগ বিমান বন্দৰ। অহা বছৰৰ আগষ্ট মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য বিমান বন্দৰটোৰ। ছেপ্টেম্বৰ মাহৰ পৰা নিয়মীয়া বিমান চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা। হোলোংগী বিমান বন্দৰৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত অব্যাহত আছে। এই বিমানবন্দৰটো পাহাৰীয়া ৰাজ্যখনত প্ৰথম পূৰ্ণাংগ বিমান বন্দৰ হ’ব য’ত ২,৩০০ মিটাৰ ৰানৱে আৰু বয়িং 747ৰ দৰে বিমানৰ উৰণৰ সুবিধা থাকিব। ৩২০ হেক্টৰ এলেকাত বিস্তাৰিত গ্ৰীণফিল্ড বিমানবন্দৰটো সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথম পৰ্যায়ত এয়াৰবাছ এ 321ৰ দৰে জেট বিমান অৱতৰণ কৰিবলৈ সক্ষম হ’ব।


অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মঙলবাৰে হোলোংগীৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ স্থান পৰিদৰ্শন কৰে। খাণ্ডুৱে বিমানবন্দৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰী খাণ্ডুৱে সদৰি কৰে যে ৰানৱেৰ মুঠ ২,৩০০ মিটাৰ দৈৰ্ঘ্যৰ ভিতৰত ১,৫০০ মিটাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ইটানগৰ শীঘ্ৰেই দেশৰ বিমান মানচিত্ৰত থাকিব। এইটো অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ এটা সপোনৰ প্ৰকল্প। নিৰ্মাণ সংস্থাসমূহৰ বিষয়াসকলক সাক্ষাতৰ পিছত শেহতীয়া কাম-কাজৰ বুজ ল’লো। কাম পূৰ্ণ গতিত চলি আছে। শীঘ্ৰে এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পথত, এইদৰে কয় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...