পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ ২ টা দিন

আলোকৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ ২ টা দিন। পোহৰময় হৈ পৰিব বিভিন্ন আলোকসজ্জাৰে সমগ্ৰ ৰাজ্য। সেই পোহৰমুখীতাৰ বাবেই কত’ যে কি চলিছে আয়োজন। শৰতৰ কাতি মাহৰ অমাৱস্যাত পালন কৰা হয় এই উৎসৱ।মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল।

বহু ঠাইত পৰম্পৰাগতভাৱে প্ৰস্তুত কৰি থকা হৈছে মাটিৰ চাকি। হাজাৰ হাজাৰ মাটিৰ চাকি প্ৰস্তুত কৰি জীৱিকা উপাৰ্জন কৰা মৃৎ শিল্পীৰ যে এতিয়া সময় নাই। সৰুৰ পৰা ডাঙৰলৈকে সাজি উলিয়াইছে মাটিৰ চাকি। সাজি উলিওৱা মাটিৰ চাকিৰে উজলি উঠিব সকলোৰে আপোন ঘৰখন। দীপাৱলীত মাটিৰ চাকিৰে পোহৰাই তুলিবলৈ দিনে নিশ ই ব্যস্ত বজালীৰ ৰাজাঘাট চাৰালপাৰা গাঁৱৰ প্ৰায় ১৪০টা পৰিয়াল। এই গাঁওখনৰ পৰা গুৱাহাটী, নলবাৰী, তেজপুৰ, বাক্সালৈ প্ৰেৰণ কৰা হয় মাটিৰ চাকি।

অমাৱস্যাৰ নিশা পোহৰেৰে আলোকিত কৰিবলৈ লাহোৱালৰ আলিমূৰত পুৰুষ-মহিলা সকলো ব্যস্ত হৈ পৰিছে মাটিৰ চাকি প্ৰস্তুত কৰাত। কাইলৈ ধনতেৰাচক লৈয়ো ব্যস্ত সকলো। বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰাত গহপুৰৰ বজাৰত ভিৰ গ্ৰাহকৰ। গহপুৰ নগৰৰ বৈকুণ্ঠ বজাৰতো ২ টকাৰ পৰা ২৫০ টকা পৰ্যন্ত মাতিৰ চাকি উপলব্ধ।

ইফালে বাইহাটাতো ব্যস্ততাৰ অন্ত নাইকীয়া মৃৎশিল্পী সকলৰ। আনহাতে দিপাৱলী উপলক্ষে বজাৰত ভিন্নধৰ্মী আতচবাজীৰে ভৰিছে বিপনী। বিভিন্ন নামৰ ফটকা আহিছে বজাৰলৈ। ছুপাৰমেনৰ পৰা আৰম্ভ কৰি ফেচবুকলৈকে ওলাইছে বজাৰত আতচবাজী। বজাৰতো বাঢ়িছে গ্ৰাহকৰ ভিৰ। এনেদৰেই দেশৰ লগতে ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ সাজু হৈছে আলোক উৎসৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...