শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা

বঙাইগাঁৱৰ ঘৰশীয়া সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰোপণ কৰা ৫০০ বছৰীয়া বকুল গছজোপা দেখিছেনে?

প্ৰায় ৫০০ বছৰীয়া ইতিহাসৰ সাক্ষী এজোপা বকুল গছ। বঙাইগাঁও জিলাৰ সাঁকোমুৰা গাঁৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে আনুমানিক ১৪৮০ চনত স্থাপন কৰিছিল ঘৰশীয়া সত্ৰ। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰুজনাই দ্বিতীয়বাৰৰ বাবে তীৰ্থভ্ৰমনলৈ ওলোৱাৰ সময়তেই এই সত্ৰখনৰ খুঁটি স্থাপন কৰা বুলি জানিব পৰা যায়। এই সত্ৰখন স্থাপন কৰাৰ সময়তেই গুৰুজনাই সত্ৰ চৌহদত ৰোপন কৰিছিল এজোপা বকুল গছ। সেইজোপা বকুল গছ আজিও বহু ইতিহাসৰ সাক্ষী হিচাপে বিলাই আছে সুগন্ধি। স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি গছজোপা কেইবাবাৰো কাটি পেলোৱা হৈছিল, দুৰ্বৃত্তই অগ্নিসংযোগো কৰিছিল কিন্তু তাৰ পিছতো গছজোপা পুনৰ লহপহকৈ বাঢ়িবলৈ ধৰে। যাৰ বাবে বকুলজোপাক অমৰ গছ হিচাপে বিবেচিত কৰি আহিছে স্থানীয় লোকসকলে। উল্লেখ্য যে, তামৰঙা বিলৰ পাৰৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত সুৱগা চৰোৱা ঘৰশীয়া সত্ৰত আজিও বিদ্যমান গুৰুজনাৰ পানীখোৱা নাদকে ধৰি বহু ইতিহাসৰ সমল। চৰকাৰে প্ৰদান কৰা কিছু অৰ্থ সাহায্যৰে সত্ৰখনৰ যথেষ্ট উন্নয়ন কৰা হৈছে যদিও পৰ্যটন বিভাগৰ এইক্ষেত্ৰত কৰিবলগীয়া যথেষ্ট আছে।

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...