মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস

বিহুৰ দিনটোতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা নিখোজ হৈছিল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। দুটা দিনে ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ মহানগৰ আৰক্ষী। তাৰ মাজতে ছাত্ৰীগৰাকীয়ে ফোনত মাতৃক ক’লে- ২ অস্ত্ৰধাৰী যুৱকে হেনো গাজিয়াবাদত বন্দী কৰি ৰাখিছে জীয়ৰীক। সেই খবৰ লাভ কৰাৰ পিছতে পিতৃ–মাতৃৰ সৈতে গাজিয়াবাদলৈ ৰাওনা হৈছে বশিষ্ঠ আৰক্ষীৰ এটা দল।

মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস
অস্ত্ৰধাৰী যুৱকে অপহৰণ কৰিছিল সপ্তম শ্ৰেণীৰ ছাত্ৰীক
কোন এই অস্ত্ৰধাৰী যুৱক?
অপহৰণৰ আঁৰত আছে নেকি অন্য কিবা ৰহস্য?

গাজিয়াবাদৰ বন্ধ কুঠৰীত গুৱাহাটীৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। অস্ত্ৰধাৰী ২ যুৱকে বন্দী কৰি ৰাখিছে ছাত্ৰীগৰাকীক। পুৱা ফোনত মাতৃক সেই কথা কৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে। তাৰ পিছতে বশিষ্ঠ আৰক্ষীৰ এটা দলৰে গাজিয়াবাদলৈ ৰাওনা পিতৃ-মাতৃ। ১৪ জানুৱাৰীৰ পুৱা প্ৰায় ৪ বজাৰ ঘটনা। শোৱাপাটীৰ পৰাই অন্তৰ্ধান হৈছিল ছাত্ৰীগৰাকী। বিচাৰ-খোচাৰৰ কৰিও পিতৃ-মাতৃয়ে জীয়ৰীৰ সন্ধান উলিয়াব পৰা নোৱাৰি সহায় লৈছিল বশিষ্ঠগ আৰক্ষীৰ। বশিষ্ঠ থানাত দাখিল কৰিছিল এজাহাৰ।

পিতৃ-মাতৃৰ অভিযোগ– ‘অপহৰণৰ আঁৰত বশিষ্ঠ বাক্ৰাপাৰাৰ ৰাকেশ নামৰ এজন যুৱক’। ‘পূৰ্বে হত্যাৰ ভাবুকি দিছিল ৰাকেশে’। এই অভিযোগৰ পিছতো বশিষ্ঠ আৰক্ষীয়ে সমগ্ৰ বিষয়টোত তদন্ত নকৰাৰ বাবে হতাশ হৈ পৰিছিল। দুদিন ধৰি বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে নিৰুদ্দিষ্ট কিশোৰীৰ ম’বাইল লোকেশ্যন। বশিষ্ঠ আৰক্ষীয়ে বিচাৰি নোপোৱা ছাত্ৰীগৰাকীয়ে অৱশেষত ফোন কৰি গাজিয়াবাদত পণবন্দী হৈ থকাৰ খবৰ দিলে পিতৃ-মাতৃক। কিন্তু গাজিয়াবাদলৈ যাবলৈ ধনৰ অভাৱ মহানগৰ আৰক্ষীৰ। আৰু সেই খবৰৰ পিছতে গাজিয়াবাদলৈ ৰাওনা হৈছে বশিষ্ঠ আৰক্ষীৰ এটা দল। লগত পিতৃ-মাতৃ। পিষ্টল দেখুৱাই পণবন্দী কৰি ৰখা কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পাৰিবনে মহানগৰ আৰক্ষীয়ে? আৰক্ষীয়ে ভেদ ভাঙিব পাৰিবনে অপহৰণৰ আঁৰত কি এনে ৰহস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...