সাধাৰণ লোকৰ বাবে এখন ৰেস্তোৰাঁ খুলিলে অৰিজিত সিঙে

অৰিজিত সিং, নামেই যাৰ পৰিচয়। তেওঁৰ চিনাকি দিবলৈ সুকীয়া বিশেষণৰ প্ৰয়োজন নাই। দেশে-বিদেশে অগণন অনুৰাগী আছে তেওঁৰ। কেতিয়াবা যদি অনুৰাগীক সংগীতেৰে মুহিছে, কেতিয়াবা মুহিছে নিজৰ কামেৰে। কেৱল গায়ক হিচাপেই নহয়, এজন ভাল মানুহ হিচাপেও অগণন লোকে আন্তৰিকতাৰে ভালপাই অৰিজিত সিঙক।

পুনৰ অনুৰাগীক আপ্লুত কৰিলে অৰিজিতে। শেহতীয়াকৈ সাধাৰণ লোকৰ বাবে এটা ডাঙৰ উদ্যোগ লৈছে অৰিজিত সিঙে। সাধাৰণ লোকে খাদ্য গ্ৰহণ কৰিব পৰাকৈ জনপ্ৰিয় কণ্ঠশিল্পীজনে খুলিছে এখন ৰেস্তোৰাঁ। তেওঁৰ ৰেস্তোৰাঁত মাত্ৰ ৪০ টকাত উপলব্ধ বিভিন্ন সুস্বাদু খাদ্য

মুৰ্ছিদাবাদৰ জিয়াগঞ্জত নিজৰ শৈশৱ পাৰ কৰিছে অৰিজিত সিঙে। বিশ্ববিখ্যাত হোৱাৰ পিছতো তেওঁ এৰি যোৱা নাই নিজৰ জন্মস্থান। অৰিজিতৰ বাবেই বিশ্ববাসীৰ মাজত পৰিচিত হৈছে জিয়াগঞ্জ নামৰ সৰু চহৰখন। সম্প্ৰতি নিজৰ অঞ্চলতে এখন ৰেস্তোৰাঁ খুলিছে অৰিজিত সিঙে। তেওঁৰ ৰেস্তোৰাঁখনৰ নাম ‘হেচেল’। ‘হেচেল’ত মাত্ৰ ৪০ টকাতে পেট ভৰাই আহাৰ গ্ৰহণ কৰিব পাৰিব সকলোৱে। অৰিজিতৰ ৰেস্তোৰাঁখনৰ মূল লক্ষ্য ঘৰুৱা ৰন্ধন প্ৰণালীৰ পৰিৱেশন।

কণ্ঠশিল্পীজনৰ বাসগৃহৰ একেবাৰে সমীপতে খোলা হৈছে ৰেস্তোৰাঁখন। পিতৃ গুৰুদয়াল সিঙৰ তত্বাৱধানতে চলিছে ৰেস্তোৰাঁখনৰ কাম-কাজ। অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰেস্তোৰাঁখনত উপলব্ধ কৰা হৈছে ৪০ টকীয়া থালীখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...