সঁচাকৈয়ে তাজমহলৰ ওপৰৰ মহলাত নিৰ্মিত ২০টা বন্ধ কোঠাত শিৱ মূৰ্তি আছে নে?

অন্য বিভিন্ন বিতৰ্কৰ পিছত শেহতীয়াকৈ দেশত আৰম্ভ হৈছে তাজমহলকলৈ বিতৰ্ক। ঐতিহ্যমণ্ডিত তাজমহলক তেজোমহল নামেৰে নামাকৰণ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত দাবী কৰিছে একাংশই । তেওঁলোকে এইবুলিও দাবী কৰিছে যে,ভগৱান শিৱৰ মূৰ্তি আৰু শিলালিপি তাজমহলৰ ওপৰৰ মহলাত নিৰ্মিত ২০টা বন্ধ কোঠাত ৰখা হৈছে। ইমান দিনে ৰহস্যৰ আৱৰ্তত থকা এই বন্ধ কোঠাবোৰ খোলাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন লিখিত আবেদন দাখিল কৰা হৈছে। ইয়াৰ উপৰি আন্দোলনকাৰীয়ে উচ্চ ন্যায়ালয়ৰ পৰা চৰকাৰৰ এটা তথ্য অনুসন্ধানকাৰী সমিতি গঠন কৰাৰো দাবী কৰিছে । সঁচাকৈয়ে তাজমহলৰ ওপৰৰ মহলাত নিৰ্মিত ২০টা বন্ধ কোঠাত শিৱ মূৰ্তি আছে নেকি? এইদাবী কিমান যুক্তিসংগত?

এই বন্ধ কোঠাৰ ৰহস্য ভেদ কৰাৰ বাবে অযোধ্যাৰ বিজেপি গোটৰ মিডিয়া প্ৰভাৰী ডা০ ৰজনীশ কুমাৰ সিঙে অধিবক্তা ৰুদ্ৰ বিক্ৰম সিঙৰ জৰিয়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰিছে। ডা০ ৰজনীশ কুমাৰ সিঙৰ মতে,তাজমহলত এটা পুৰণি শিৱ মন্দিৰ আছে। শিৱ মন্দিৰৰ মূৰ্তি আৰু শিলালিপি মোগল সম্ৰাট শ্বাহজাহানে তাজমহলৰ ভিতৰত লুকুৱাই ৰাখিছিল। ইফালে আকৌ তাজমহলক তেজো মহল বুলি কোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে । শেহতীয়াকৈ,কিছুমানে তাজমহলত ভগৱান শিৱৰ পিণ্ডি আছে বুলিও দাবী কৰিছে । আবেদনকাৰী ড০ ৰজনীশ কুমাৰ সিঙে যুক্তি মতে তাজমহল এটা প্ৰাচীন স্মৃতিস্তম্ভ। স্মৃতিস্তম্ভ সংৰক্ষণৰ বাবে চৰকাৰে প্ৰতিবছৰে কোটি কোটি টকা ব্যয় কৰে। ইয়াৰ বিষয়ে সঠিক আৰু সম্পূৰ্ণ ঐতিহাসিক তথ্য ৰাইজৰ মাজলৈ অনা উচিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...