ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত ক্ৰাইষ্টচাৰ্চ

৩ এপ্ৰিলত মহিলা বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডে। নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত মহিলা বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত দুই শক্তিধৰ মহিলা। এই ফাইনেলতে ইতিহাস ৰচিব এগৰাকী ভাৰতীয়ই। প্ৰথমবাৰলৈ আই চি চি আন্তৰাষ্ট্ৰীয় পেনেলৰ মেচ ৰেফাৰী ভাৰতৰ জি এছ লক্ষ্মীয়ে ফাইনেলখনত দায়িত্ব পালন কৰিব মেচ ৰেফাৰী হিচাপে। পুৰুষৰ মেচতো মেচ ৰেফাৰীৰ দায়িত্বত থকা প্ৰথম গৰাকী মহিলা জি এছ লক্ষ্মী। কেৱল সেয়াই নহয় প্ৰথমবাৰলৈ ৪গৰাকী মহিলা আম্পায়াৰে চম্ভালিব বিশ্বকাপ ফাইনেলৰ দায়িত্ব। যাৰ বাবে আজি ICC-এ টুইটাৰ যোগে প্ৰকাশ কৰে – ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...