ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল
- ‘নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা দুৰ্ভাগ্যজনক’
- ‘এতিয়াও সন্ধানহীন বহু, মৃত পৰিমিতা দাসৰ দুৰ্ভগীয়া পৰিয়াললৈ সমবেদনা’
- ‘ইতিমধ্যে কংগ্ৰেছৰ এটি সঁজাতি দল উপস্থিত হৈছে নিমাতীঘাটত’
- ২০১৮ত উত্তৰ-গুৱাহাটীত ভয়ানক নাও দুৰ্ঘটনা সংঘটিত হৈছিল
- তেতিয়া হিমন্ত বিশ্ব শৰ্মাক পূৰ্বৰ চৰকাৰৰ চুপাৰ CM বুলি কৈছিল
- তেওঁৰ সদায় পিছতহে বুদ্ধিৰ উদয় হয়।
- আজি সংবাদমেলত যিখিনি কথা কৈছে সেয়া ২০১৮ৰ নাও দুৰ্ঘটনাৰ পিছতো সেই একেখিনি কথাকেই কৈছিল
- ছিংগল ইঞ্জিন নচলে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, পূৰ্বেও কৈছিল
- তাৰ মানে কি পৰিমিতা দাসৰ বলি দিবলৈকে ৰৈ আছিল নেকি অসম চৰকাৰ
- মাত্ৰ ৩জন বিষয়াক নিলম্বন কৰা হ’ল, ইনলেণ্ড ৱাটাৰ বিভাগৰ নাম সলনি কৰি পি পু সি শু কৰিব লাগে
- চন্দ্রমোহন পাটোৱাৰীৰ বিভাগ নিষ্ক্ৰিয়
- বিজেপি চৰকাৰৰ দিনতেই ২০১৮ চনৰ ছেপ্টেম্বৰত আৰু ২০২১ৰ ছেপ্টেম্বৰত দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে।