৫ম, ৮ম, ১০ম শ্ৰেণীৰ ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বৃত্তি

মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ২৭,১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা

ৰাজ্যৰ ২৬৪ খন বিদ্যালয়ত পিএমশ্ৰী আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে শিক্ষার্থীসকল ভাৰতবৰ্ষৰ অমৃতকালৰ অমৃত সন্তান মুখ্যমন্ত্রী

অহা বৰ্ষৰ পৰা পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ মুঠ ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বৃত্তিঃ মুখ্যমন্ত্ৰী

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বতৰাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০২৩ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ লগতে পিএমশ্ৰী আঁচনিৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ মাজত প্রতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰাৰ লগতে তথ্য প্রযুক্তি শিক্ষাৰ সহায়ত আধুনিক জ্ঞানেৰে তেওঁলোকৰ ধ্যান-ধাৰণা সমৃদ্ধ কৰিবলৈ ‘আনন্দৰাম বৰুৱা বঁটা’ আৰম্ভ কৰিছিল। পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাৰ নামেৰে এই আঁচনিখন নামাকৰণ কৰা হৈছে যাতে এই গৰাকী মহান অসমীয়াৰ আদৰ্শৰে ৰাজ্যৰ উঠি অহা প্ৰজন্মই শৈক্ষিক ক্ষেত্ৰত সফলতাৰে আগুৱাই যাব পাৰে। তেওঁ কয় যে ২০০৫ চনত এই আঁচনি আৰম্ভ হোৱাৰ পৰা যোৱা বছৰলৈকে ৪,১৩,৪০০ গৰাকী শিক্ষার্থীয়ে আঁচনিখনৰ জৰিয়তে লাভান্বিত হৈছে। বৰ্তমান ছেৱাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক এই আঁচনিৰ অধীনত ধনৰাশি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে এই বছৰ এই বঁটাৰ অধীনত এখন মানপত্ৰৰ লগতে লেপটপ তথা কম্পিউটাৰ ক্ৰয় কৰিবলৈ বঁটা প্রাপক শিক্ষার্থীসকলক ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। ৰাজ্যৰ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ বেংক একাউন্টলৈ এই ধনৰাশি প্ৰেৰণ কৰা হৈছে। তেওঁ আনন্দৰাম বৰুৱা বঁটাপ্ৰাপক প্ৰতিগৰাকী শিক্ষার্থীক অভিনন্দন জনোৱাৰ লগতে পণ্ডিতপ্ৰবৰ গৰাকীৰ দৰে জ্ঞানৰ আলোকেৰে উদ্ভাষিত হৈ উঠাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ সম্পৰ্কে আলোকপাত কৰে।

ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰলৈ নৱদিগন্তৰ উন্মেষ ঘটাই শুভাৰম্ভ কৰা পিএমশ্ৰী আঁচনিখনৰ বিষয়ে বক্তব্য আগবঢ়াই মুখ্যমন্ত্রী কয় যে, শৈক্ষিক ক্ষেত্ৰখন অধিক উদ্দীপনাময় কৰি তোলাৰ লগতে প্ৰতিগৰাকী শিক্ষার্থীয়ে যাতে উপযুক্ত যত্ন আৰু শিক্ষণৰ ভিন্ন অভিজ্ঞতা লাভ কৰে তথা আন্তঃগাঁথনি আৰু শিক্ষণৰ বাবে অনুকূল উপযুক্ত সম্পদ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ হয় সেই লক্ষ্যৰে ভাৰত চৰকাৰে পিএমশ্রী অৰ্থাৎ প্ৰধানমন্ত্ৰী স্কুলচ্ ফৰ ৰাইজিং ইণ্ডিয়া আঁচনিখন গ্ৰহণ কৰিছে। তেওঁ কয় যে এই আঁচনিখনৰ অধীনত ভাৰত চৰকাৰে ২০২৬-২৭ বৰ্ষলৈকে ২৭,৩৬০ কোটি টকা প্রকল্প ব্যয়েৰে সমগ্ৰ দেশৰ ১৪,৫০০ খনতকৈও অধিক বিদ্যালয় গঢ়ি তোলাৰ পদক্ষেপ লৈছে। অসমত আজি শুভাৰম্ভ হোৱা এই আঁচনিৰ প্ৰথম পৰ্যায়ত ২৬৪ খন বিদ্যালয় গ্রহণ কৰা হৈছে আৰু ২০২৩-২৪ বৰ্ষৰ বাবে ১২৭.৪৬ কোটি টকাৰ অনুমোদন জনোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত নির্বাচিত বিদ্যালয়সমূহে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সকলো উপাদান প্ৰদৰ্শন কৰি একোখন আদৰ্শ বিদ্যালয় হিচাপে নিজকে গঢ়ি তোলাৰ লগতে কাষৰীয়া অন্যান্য বিদ্যালয়সমূহক মেন্টশ্বিপ প্ৰদান কৰিব। এই আঁচনিৰ অন্তৰ্গত বিদ্যালয়সমূহত পৰিৱেশ অনুকূল দিশসমূহ অন্তর্ভুক্ত কৰি সেউজ বিদ্যালয় হিচাপে বিকশিত কৰা হ’ব। তেওঁ কয় যে বিদ্যালয়সমূহত গ্ৰহণ কৰা শিক্ষা অধিক অভিজ্ঞতাভিত্তিক, সামগ্রিক, সংহত, জ্ঞানান্বেষী, আবিষ্কাৰমূখী, শিক্ষার্থীকেন্দ্রিক, আলোচনাভিত্তিক, নমনীয় আৰু উপভোগ্য কৰি তোলা হ’ব। তদুপৰি সকলো স্তৰতে মূল্যায়ণ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং বা ধাৰণাগত বুজাবুজি আৰু বাস্তৱ জীৱনত জ্ঞানৰ প্ৰয়োগ আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি কৰা হ’ব।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষার্থীসকল ভাৰতবৰ্ষৰ অমৃতকালৰ অমৃত সন্তান। ভাৰতবৰ্ষক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ বাবে তেওঁ কৃতজ্ঞতা প্রকাশ কৰে। আজিৰ প্ৰতিযোগিতামুখী পৰিস্থিতিত নিজৰ দক্ষতা আৰু যোগ্যতা প্রমাণিত কৰিবলৈ বহুমুখী জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শিক্ষার্থীসকলক আহ্বান জনায়।

একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, অহা বৰ্ষৰ পৰা আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে আনন্দৰাম বৰুৱা বৃত্তি প্ৰদান কৰা হ’ব। প্ৰতি বছৰে ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰীক এই বৃত্তি প্ৰদান কৰা হ’ব। এই বৃত্তিৰ অধীনত পঞ্চম শ্ৰেণীৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ টকাকৈ আৰু অষ্টম শ্ৰেণীৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ টকাকৈ আগবঢ়াই সেই ধনৰাশি ফিক্সড্ ডিপ’জিট কৰা হ’ব। তদুপৰি দশম শ্ৰেণীৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক এই বৃত্তিৰ অধীনত ১৫ হাজাৰ টকাকৈ নগদ ধন প্ৰদান কৰা হ’ব। আনহাতে অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞান আদিত নামভর্তিৰ সুবিধা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়সমূহৰ পৰা ৰিপৰ্টকার্ড সংগ্ৰহ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পৰিৱেশ আৰু বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা বিভাগৰ অধ্যক্ষ ড০ ৰমেশ চন্দ্ৰ জৈন, সমগ্র শিক্ষা অভিযান, অসমৰ মিছন সঞ্চালক ড০ ওমপ্রকাশ প্রমুখ্যে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক, শিক্ষার্থী আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত 'বিকাশৰ ১২ দিন' কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণকেইবাটাও প্ৰকল্পৰ নিৰ্মাণ...

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...