লোকসভা নিৰ্বাচনত আজমলে কি খেল খেলিব?

হোজাইত সাংসদ বদৰুদ্দিন আজমলৰ সংবাদমেল। সংবাদমেল পাতি বিৰোধী মহাঁজোটত অন্তৰ্ভুক্ত হোৱাৰ আশা পুনৰ ব্যক্ত কৰিলে আজমলে। আজমলে ক’লে নগাঁও, কৰিমগঞ্জত এ আই ইউ ডি এফে থিয় কৰোৱাব মুছলমান প্ৰাৰ্থী। কংগ্ৰেছক তীব্ৰ সমালোচনা বদৰুদ্দিন আজমলৰ।

টাৰ্গেট নগাঁও, ধুবুৰী, কৰিমগঞ্জ
য’তেই কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী
তাতেই AIUDFৰ প্ৰাৰ্থীয়ে খেলিব নিৰ্বাচন

লোকসভা নিৰ্বাচনত আজমলে কি খেল খেলিব? হোজাইত সংবাদমেল পাতি ইংগিত দিলে আজমলে। এতিয়াও হাতত হাত ধৰাৰ আশাত বদৰুদ্দিন আজমল। কিন্তু আছে আন কেতবোৰ অভিসন্ধিও। নগাঁও আৰু কৰিমগঞ্জত কংগ্ৰেছ কাক টিকট দিয়ে শেষ মুহূৰ্তলৈকে চাব AIUDF-এ। সেই প্ৰাৰ্থী চাই তেওঁতকৈ শক্তিশালী প্ৰাৰ্থী থিয় কৰোৱাব আজমলে।

B টীম নহয়। কংগ্ৰেছক বিজেপিৰ A টীম আখ্যা দি আজমলে ক’লে হিমন্ত বিশ্বই হেনো কংগ্ৰেছক কৈছে কোনো কাৰণত আজমলৰ লগত বুজাবুজি হ’ব নালাগে। ১১টা ছীটত জয়ী হ’ব লাগে বিজেপি। এ আই ইউ ডি এফৰ সৈতে যদি কংগ্ৰেছে হাত মিলায় তেন্তে ১১খন আসন বাদেই মাত্ৰ ৫খন আসন পাব বিজেপিয়ে।

কংগ্ৰেছৰ সভাত হেনো ২০০-৩০০ মানুহ
আজমলৰ মুখত ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন

নগাঁও-কৰিমগঞ্জত বিজেপিয়ে দিব হিন্দু প্ৰাৰ্থী
কংগ্ৰেছেও দিব হিন্দু প্ৰাৰ্থী
এই সমষ্টিত মুছলমান প্ৰাৰ্থী দিয়াৰ পৰিকল্পনা আজমলৰ

এই সংবাদমেলতেই ৰকিবুল হুছেইনক আক্ৰমণ আজমলৰ। হোজাইলৈ আহি ৰকিবুলে সমালোচনা কৰিছিল বিধায়ক ছিৰাজুদ্দিন আজমল আৰু AIUDFক। খং উঠিল আজমলৰ। সমালোচনা ভূপেন বৰাকো। ভূপেন বৰাক ক’ৰ পৰা উঠাই আনিলে কংগ্ৰেছে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...