লোকসভা নিৰ্বাচনত আজমলে কি খেল খেলিব?

হোজাইত সাংসদ বদৰুদ্দিন আজমলৰ সংবাদমেল। সংবাদমেল পাতি বিৰোধী মহাঁজোটত অন্তৰ্ভুক্ত হোৱাৰ আশা পুনৰ ব্যক্ত কৰিলে আজমলে। আজমলে ক’লে নগাঁও, কৰিমগঞ্জত এ আই ইউ ডি এফে থিয় কৰোৱাব মুছলমান প্ৰাৰ্থী। কংগ্ৰেছক তীব্ৰ সমালোচনা বদৰুদ্দিন আজমলৰ।

টাৰ্গেট নগাঁও, ধুবুৰী, কৰিমগঞ্জ
য’তেই কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী
তাতেই AIUDFৰ প্ৰাৰ্থীয়ে খেলিব নিৰ্বাচন

লোকসভা নিৰ্বাচনত আজমলে কি খেল খেলিব? হোজাইত সংবাদমেল পাতি ইংগিত দিলে আজমলে। এতিয়াও হাতত হাত ধৰাৰ আশাত বদৰুদ্দিন আজমল। কিন্তু আছে আন কেতবোৰ অভিসন্ধিও। নগাঁও আৰু কৰিমগঞ্জত কংগ্ৰেছ কাক টিকট দিয়ে শেষ মুহূৰ্তলৈকে চাব AIUDF-এ। সেই প্ৰাৰ্থী চাই তেওঁতকৈ শক্তিশালী প্ৰাৰ্থী থিয় কৰোৱাব আজমলে।

B টীম নহয়। কংগ্ৰেছক বিজেপিৰ A টীম আখ্যা দি আজমলে ক’লে হিমন্ত বিশ্বই হেনো কংগ্ৰেছক কৈছে কোনো কাৰণত আজমলৰ লগত বুজাবুজি হ’ব নালাগে। ১১টা ছীটত জয়ী হ’ব লাগে বিজেপি। এ আই ইউ ডি এফৰ সৈতে যদি কংগ্ৰেছে হাত মিলায় তেন্তে ১১খন আসন বাদেই মাত্ৰ ৫খন আসন পাব বিজেপিয়ে।

কংগ্ৰেছৰ সভাত হেনো ২০০-৩০০ মানুহ
আজমলৰ মুখত ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন

নগাঁও-কৰিমগঞ্জত বিজেপিয়ে দিব হিন্দু প্ৰাৰ্থী
কংগ্ৰেছেও দিব হিন্দু প্ৰাৰ্থী
এই সমষ্টিত মুছলমান প্ৰাৰ্থী দিয়াৰ পৰিকল্পনা আজমলৰ

এই সংবাদমেলতেই ৰকিবুল হুছেইনক আক্ৰমণ আজমলৰ। হোজাইলৈ আহি ৰকিবুলে সমালোচনা কৰিছিল বিধায়ক ছিৰাজুদ্দিন আজমল আৰু AIUDFক। খং উঠিল আজমলৰ। সমালোচনা ভূপেন বৰাকো। ভূপেন বৰাক ক’ৰ পৰা উঠাই আনিলে কংগ্ৰেছে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...