নিশা হত্যা, পুৱা থানাত আত্মসমৰ্পণ তফিকুল আলীৰ

ৰঙিয়াত আন এক শিহৰণকাৰী হত্যাকাণ্ড। শুকুৰবাৰে নিশা প্ৰেয়সী চানিয়াৰা বেগমক হত্যা কৰি পুৱা থানাত আত্মসমৰ্পন তফিকুল আলী নামৰ এজন যুৱকৰ। এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠা চানিয়াৰা আৰু তফিকুলৰ মাজত প্ৰায় ছমাহ পূৰ্বে হৈছিল বিয়া হোৱাৰ চুক্তি। প্ৰেমিক তফিকুলে দেখুৱাই দিয়া অনুসৰি কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চানিয়াৰা বেগমৰ মৃতদেহ। চানিয়াৰাক কেৰালালৈ যাবলৈ লগ ধৰিছিল হেনো তফিকুলে। কিন্তু তফিকুলৰ প্ৰস্তাৱত চানিয়াৰা মান্তি নোহোৱাক লৈ দুয়োৰে মাজত হৈছিল কাজিয়া। তুলসীবাৰী আৰক্ষীৰ সন্মুখত প্ৰেমিক তফিকুলে প্ৰদান কৰা স্বীকাৰোক্তি অনুসৰি ডিঙি চেপি হত্যা কৰা হৈছিল যুৱতীগৰাকীক।

ৰঙিয়াত আন এক শিহৰণকাৰী হত্যাকাণ্ড
প্ৰেমিকে ডিঙি চেপি হত্যা কৰিলে প্ৰেয়সীক
নোনা নৈৰ পৰা উদ্ধাৰ নিহত চানিয়াৰা বেগমৰ মৃতদেহ
নিশা হত্যা, পুৱা থানাত আত্মসমৰ্পন তফিকুল আলীৰ
এবছৰে চানিয়াৰা-তফিকুলৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক
ছমাহ পূৰ্বে দুয়োৰে মাজত হৈছিল বিয়া হোৱাৰ চুক্তি

প্ৰেয়সীক হত্যা
ডিঙি চেপি প্ৰেয়সীক হত্যা কৰিলে প্ৰেমিকে।
নৃশংস হত্যাকাণ্ডক লৈ ৰঙিয়া তীব্ৰ চাঞ্চল্য।

শিহৰণকাৰী ঘটনাক লৈ শনিবাৰে বিয়লি ৰঙিয়া থানাত উত্তপ্ত পৰিবেশ। ৰঙিয়া আৰক্ষীৰ আবেষ্টনীত এইজন তফিকুল আলী। শুকুৰবাৰে নিশা দীৰ্ঘদিনীয়া প্ৰেয়সী চানিয়াৰা বেগমক অজ্ঞাত স্থানত হত্যা কৰি পুৱা ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী থানাত আত্মসমৰ্পন কৰে তফিকুল আলীয়ে। বিয়লি পৰ্যন্ত নিহত চানিয়াৰা বেগমৰ কোনো সন্ধান পোৱা নাছিল আৰক্ষীয়ে। তাকে লৈ ৰঙিয়া থানাত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি। এফালে যদি উত্তেজনাপূৰ্ণ পৰিস্থিতি আনফালে নিখোঁজ চানিয়াৰাৰ পৰিয়ালৰ বৰ্ণনাতীত শোক। কান্দি কান্দি প্ৰায় অজ্ঞান হৈ পৰিছিল চানিয়াৰা বেগমৰ মাতৃ আৰু পৰিয়াল।

তাৰ পিছতে অভিযুক্ত তফিকুল আলীক স্বীকাৰোক্তিৰ ভিত্তিত তেওঁক লগত লৈ কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ পাৰত চানিয়াৰা বেগমৰ মৃতদেহৰ সন্ধানত চলিল মাৰাথন অভিযান। আৰু অৱশেষত নোনা নৈতে উদ্ধাৰ হ’ল তফিকুল আলীৰ প্ৰেয়সী চানিয়াৰা বেগমৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ৰঙিয়া আৰক্ষীৰ।

প্ৰায় এবছৰ পুৰণি চানিয়াৰা-তফিকুলৰ প্ৰেমৰ সম্পৰ্ক। প্ৰায়েই মিলামিছা কৰে দুয়ো। দুয়োৰে পৰিয়ালেও জানিছিল প্ৰেমৰ এই সম্পৰ্কৰ কথা। সততে দুয়োকে একেলগে দেখি ৰাইজে এখন চুক্তি কৰি দিছিল। প্ৰায় ছমাহ পূৰ্বে চানিয়াৰা-তফিকুলৰ মাজথ হৈছিল বিয়া হোৱাৰ চুক্তি। চুক্তিৰ পিছত অধিক গাঢ় হৈছিল চানিয়াৰা-তফিকুলৰ প্ৰেমৰ সম্পৰ্ক।

শুকুৰবাৰে সন্ধিয়া আলহীৰ ঘৰলৈ আহিছিল দুয়ো।
পলম হোৱাত আলহীৰ ঘৰতে নিশা কটাব বুলি ঘৰত জনাইছিল।
পুৱা তুলসীবাৰী থানাত আত্মসমৰ্পন কৰে তফিকুলে।
আৰক্ষীক কয়- মোৰ প্ৰেয়সী চানিয়াৰাক মই হত্যা কৰিছোঁ।

এই ঘটনাৰ পিছত অভিযুক্ত তফিকুল আলীক ৰঙিয়া আৰক্ষী থানালৈ অনা হয়। ৰঙিয়া থানাত তফিকুলক মাৰাথন জেৰা কৰে আৰক্ষীয়ে। অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি চানিয়াৰাক কেৰালালৈ যাবলৈ লগ ধৰিছিল তফিকুলে। কিন্তু তফিকুলৰ এই প্ৰস্তাৱত মান্তি নহ’ল চানিয়াৰা। তাকে লৈ শুকুৰবাৰে নিশা দুয়োৰে মাজত কাজিয়া হৈছিল। চানিয়াৰাক শাৰিৰীকভাৱে প্ৰহাৰ কৰিছিল তফিকুলে। তফিকুলকো প্ৰহাৰ কৰিছিল চানিয়াৰাই। তেতিয়াই খঙত হিতাহিত জ্ঞান হেৰুৱাই চানিয়াৰাক ডিঙি চেপি হত্যা কৰে তফিকুলে। এই প্ৰতিবেদন প্ৰস্তুত কৰালৈ চানিয়াৰা বেগম হত্যাৰ অভিযোগত প্ৰেমিক তফিকুল আলীক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে। শনিবাৰে আদালতত হাজিৰ কৰা হ’ব তফিকুল আলীক। মৰোণত্তৰ পৰীক্ষাৰ পিছত নিহত চানিয়াৰাৰ মৃতদেহ গটাই দিয়া হ’ব পৰিয়ালক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...