বিলাসীপাৰাত এটাৰ পাছত আনটো জঘন্য হত্যাকাণ্ড

বিলাসীপাৰাত সংঘটিত হৈছে এটাৰ পাছত আনটো জঘন্য হত্যাকাণ্ড। কিছুদিন পূৰ্বে প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল দুৰ্বৃত্তক। এইবাৰ আততায়ীৰ টাৰ্গেট দম্পত্তি। শোৱাপাটীতেই স্বামী-স্ত্ৰীক নৃশংসভাবে হানি-খুঁচি হত্যা কৰিলে দুৰ্বৃত্তই। ঘটনাক লৈ বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য।

দিশহাৰা কন্যা
বিছনাত দুটা মৃতদেহ
চাঞ্চলক্যৰ
শুনিলেই গাৰ নোম উঠা

পুনৰ এটা জঘন্য ঘটনা সংঘটিত হ’ল বিলাসীপাৰাত। বিলাসীপাৰাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটীত এইটো ঘৰতেই বাস কৰিছিল শ্বাহজালাল শ্বেইখ আৰু নাৰ্জিমা বেগম। একমাত্ৰ কন্যা গুৱাহাটীত অধ্যয়নৰত।
শুকুৰবাৰে বাৰে-বাৰে ফোন কৰিছিল কন্যাই
কিন্তু পিতৃ-মাতৃয়ে ধৰা নাছিল ফোন
আত্মীয় এজন ভাতৃলৈ ফোন কৰিলে

তাৰ পাছতেই ঘৰটোলৈ আহি মাত লাগালে পৰিয়ালৰ সেই যুৱকজনে। কিন্তু দুৱাৰ নোখোলে। আন্ধাৰ। কিবা এটা সন্দেহ ওপজাত দুৱাৰ হেঁচি খুলি ভিতৰলৈ প্ৰৱেশ কৰিলে। তাৰ পাছত হাহাকাৰ।
বিছনাত পৰি আছিল স্বামী-স্ত্ৰীৰ ৰক্তাক্ত মৃতদেহ
খবৰ পাই নিশাই ঘটনাস্থলীত উপস্থিত হয় ধুবুৰীৰ আৰক্ষী অধীক্ষক, দণ্ডাধীশ
মৃত স্বাহজালাল শ্বেইখ ৰাণীগঞ্জ আঞ্চলিক CPIM দলৰ সভাপতি আছিল

কিয়, কোনে এই ঘটনা সংঘটিত কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্য। ঘটনাক গৰিহণা দি দোষীক কঠোৰা শাস্তি প্ৰদানৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে।

বিলাসীপাৰা এতিয়া অপৰাধীৰ ৰম্যভূমি
বিলাসীপাৰাত ছিৰিয়েল কিলাৰ
ইটোৰ পাছত সিটো জঘন্য হত্যাকাণ্ড

যোৱা ২৪ মে’তো সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড
বাছেৰ আলী নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। ধন সম্পৰ্কীয় ঘটনাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে।
বাঘমাৰিতো শোৱাপাটীতেই দম্পত্তিক হত্যা কৰিছিল দুৰ্বৃত্তই
এতিয়ালৈ এনে ঘটনাৰ আঁৰৰ কোনো কালপ্ৰীতক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ নজিৰ নাই বিলাসীপাৰা আৰক্ষী, প্ৰশাসনৰষ পুনৰ ঘটিল এই ভয়ানক ঘটনা। চৰম নিৰাপত্তাহীনতাত সাধাৰণ জনতা। এই ঘটনাৰ দোষীক শীগ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলিছে সকলোৱে। আৰক্ষীয়ে পাৰিবনে। ন্যায় বিচাৰিছে দুৰ্ভগীয়া এইগৰাকী কন্যাই পাবনে। অপৰাধ নিয়ন্ত্ৰণৰ দাবী জনতাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...