জোনবাইত চন্দ্ৰযান-৩ৰ প্ৰথম পৰীক্ষাৰ ফলাফল দিছে ISROএ

জোনবাইত চন্দ্ৰযান-৩ৰ প্ৰথম পৰীক্ষাৰ ফলাফল দিছে ISROএ
জোনবাইৰ উষ্ণতা জুখিলে বিক্ৰম লেণ্ডাৰে
চন্দ্ৰত বিৰাজিত ৫০ ডিগ্ৰীৰ পৰা মাইনাছ ১০ ডিগ্ৰী চেলছিয়াছলৈ উষ্ণতা
চন্দ্ৰপৃষ্ঠত ৫০ ডিগ্ৰীলৈকে উষ্ণতা জুখিছে প্ৰজ্ঞান ৰ’ভাৰে
চন্দ্ৰৰ ভূ-গৰ্ভত প্ৰজ্ঞানে পাইছে মাইনাছ ১০ ডিগ্ৰী চেলছিয়াছ উষ্ণতা
জোনবাইৰ বক্ষত ফটো তোলা কেমেৰা নিৰ্মাণৰ দায়িত্বত আন এজন অসমীয়া

জোনবাইত সফলতাৰে অৱতৰণ কৰি বিশ্বজুৰি সমাদৃত হোৱাৰ পিছত চন্দ্ৰযান-৩ৰ পৰা আহিছে পৰৱৰ্তী ভাল খবৰ। ইতিমধ্যে ‘শিৱশক্তি’ত অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰৰ পৰা ওলাই যোৱা প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰত বিচৰণ কৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। ইয়াৰে প্ৰথম পৰীক্ষাৰ ফলাফল ইতিমধ্যে প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ISROই দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞান ৰ’ভাৰৰ পৰীক্ষাত জোনবাইৰ তাপমান ৫০ ডিগ্ৰীলৈকে ধৰা পৰিছে। ইফালে জোনবাইৰ বক্ষ খান্দি চলোৱা পৰীক্ষাত পৃষ্ঠভাগৰ তলত মাইনাছ ১০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা প্ৰজ্ঞান ৰ’ভাৰে ধৰা পেলাইছে। প্ৰজ্ঞান ৰ’ভাৰৰ এই সাফল্যই স্বাভাৱিকতে উৎফুল্লিত কৰিছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰক।

চন্দ্ৰযান-৩ৰ সফল অভিযানত সংযুক্ত হৈছে আন এক অসম সন্তানৰ নাম
বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা আলোকচিত্ৰৰ আঁৰত এজন অসমীয়া অনুজ নন্দী
এই ফটো তোলা হাই ৰিজ’লুশ্যন LHV কেমেৰা নিৰ্মাণৰ দায়িত্বত ধেমাজিৰ নন্দী

এক কথাত অনুজ নন্দীৰ দৃষ্টিৰেই আজি বিশ্বই প্ৰত্যক্ষ কৰিছে চন্দ্ৰপৃষ্ঠৰ শেহতীয়া ছবিসমূহ। ISROৰ বিজ্ঞানী অনুজ নন্দীয়ে ধেমাজিত জন্মগ্ৰহণ কৰাৰ পিছত প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল ধেমাজিৰে SFS স্কুলত। এক বিশেষ ঘটনাচক্ৰত নন্দীৰ পিতৃ শান্তি নন্দী পশ্চিমবংগলৈ গুচি গ’ল যদিও তেওঁৰ তিনিও ভাতৃ বৰ্তমান ধেমাজিৰ বাসিন্দা। সম্প্ৰতি বাংগালুৰৰ বাসিন্দা ইছৰোৰ ‍বিজ্ঞানীজনে কৰ্মব্যস্ততাৰ মাজতো সঘন যোগাযোগ ৰাখিছে ধেমাজিৰ পুৰণি ঘৰখনলৈ। চন্দ্ৰযান–৩ৰ সাফল্যত গৰ্বিত অনুজ নন্দীৰ খুৰা-খুৰীসহ আত্মীয়-স্বজন।

অনাগত আৰু ১০ দিনত প্ৰজ্ঞান ৰ’ভাৰে জোনবাইৰ বহু অজনা তথ্য দিব বুলি আশাৰে বাট চাই ৰৈছে ISROৰ বিজ্ঞানীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...