‘ছেনিয়াৰ’ৰ পিছত বংগোপসাগৰত সৃষ্টি হৈছে আন এক ঘূৰ্ণীবতাহ! ই কাষ চাপিছে উপকূলৰ

মালাকা জলদ্বীপৰ সমীপত গঠিত ঘূৰ্ণীবতাহ ‘ছেনিয়াৰ’ ক্ৰমান্বয়ে শক্তি হেৰুৱাইছে। বৃহস্পতিবাৰে বিয়লিৰ ভিতৰত ই ক্ষান্ত হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ মাজতে দক্ষিণ বংগ উপসাগৰত আন এক ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। নিজৰ গতিৰে উপকূলৰ ফালে আগবাঢ়িছে এই ঘূৰ্ণী। বতৰ বিজ্ঞান বিভাগে এই নতুন ঘূৰ্ণীবতাহৰ নাম দিছে ‘দিতৱা’। ৩০ নৱেম্বৰ দেওবাৰে লেণ্ডফ’ল কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে এই নতুন ঘূৰ্ণীবতাহৰ কথা ঘোষণা কৰে। পুৱা ১১:৩০ বজাত দক্ষিণ-পশ্চিম বংগ উপসাগৰত গঠন হ’ল ঘূৰ্ণীবতাহ ‘দিতৱা’। শ্ৰীলংকাৰ পট্টুভিল চহৰৰ ওচৰত বাটিকালোয়াৰ পৰা ৯০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিমে, চেন্নাইৰ পৰা এতিয়াও ৭০০ কিলোমিটাৰ দূৰত্বত আছে এই ঘূৰ্ণীবতাহ। অৱশ্যে আগন্তুক কেইটামান দিনত ক্ৰমান্বয়ে উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিব এই ঘূৰ্ণীবতাহ। ৩০ নৱেম্বৰত উত্তৰ তামিলনাডু-পুডুচেৰী আৰু দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

য়েমেনে ইয়াৰ নাম ৰাখিছে ‘দিতৱা’। এই নতুন ঘূৰ্ণীবতাহৰ ফলত দক্ষিণ ভাৰতত প্ৰবল বৰষুণ হ’ব পাৰে। বৃহস্পতিবাৰৰ পৰা চেন্নাই, তিৰুৱল্লুৰ, নগাপট্টিনামৰ দৰে চহৰৰ বাবে এক সতৰ্কবাণী জাৰি কৰা হৈছে। শনিবাৰলৈকে জাৰি কৰা হৈছে কমলা ৰঙৰ সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহৰ গতিবিধি নিৰীক্ষণ কৰি আছে। তাৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত সিদ্ধান্ত লোৱা হ’ব।

বুধবাৰে পুৱা মালাকা জলদ্বীপৰ সমীপত ‘ছেনিয়াৰ’ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। সংযুক্ত আৰব আমিৰশ্বাহীয়ে এই ঘূৰ্ণীবতাহৰ নামটো দিছিল, যাৰ অৰ্থ সিংহ। এই ঘূৰ্ণীবতাহে বুধবাৰে বিয়লি ইণ্ডোনেছিয়াৰ উপকূলত আঘাত হানে। ইয়াৰ পিছত ক্ৰমান্বয়ে শক্তি হেৰুৱাই পেলালে। বতৰ বিজ্ঞানীসকলে এই ঘূৰ্ণীবতাহক ‘বিৰল’ বুলি অভিহিত কৰিছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধাৰাসাৰ বৰষুণ হৈছে। তামিলনাডুৰ উপকূলীয় অঞ্চলতো অব্যাহত আছে বৰষুণ। এইবাৰ এটা ঘূৰ্ণীবতাহ মাৰ নৌযাওঁতেই সেই অঞ্চলত আন এক ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। পশ্চিম বংগৰ উপকূল এই ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত নহ’লেও মাছমৰীয়াসকলক সাগৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...