শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যা মন্দিৰ ন্যাসৰ বৰ্ষশ্ৰেষ্ঠ বঁটা ঘোষণা

বেংগালুৰুত অৱস্থিত আট অৱ লিভিংঙৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যা মন্দিৰ ন্যাসৰ বৰ্ষশ্ৰেষ্ঠ বঁটা ঘোষণা। যোৰহাট জিলাৰ আদৰ্শ ট্টাইৱেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰাজেশ বৰদলৈলৈ ২০২৬ৰ বৰ্ষশ্ৰেষ্ঠ বঁটা। ২৫ জানুৱাৰী তাৰিখে বেংগালুৰুত অনুষ্ঠিত আৰ্ট অৱ লিভিং‌ৰ আন্তঃৰাষ্ট্ৰীয় আশ্ৰমত এক গাম্ভীৰ্য্যপূণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে আৰ্ট অৱ লিভিং‌ৰ প্ৰতিষ্ঠাতা ৰবি শংকৰে, উপস্থিত থাকে কৰ্ণাটকৰ মুখ্য ন্যায়াধীশ , চৰকাৰৰ প্ৰতিনিধি, চি বি এছ চিৰ উচ্চ পদস্থ বিষয়া , ন্যাসৰ চেয়াৰমেন, সদস্য-সদস্যাসকল।

উল্লেখযোগ্য যে এই বঁটাৰ বাবে স্ব- মনোনয়ন পত্ৰ গ্ৰহণ কৰা নহয়। এজন মনোনীতকাৰীয়ে অনলাইন মাধ্যমেৰে শিক্ষকজনৰ সম্পূৰ্ণ তথ্য সম্বলিত তথ্য প্ৰেৰণ কৰিব লাগে। যোৱা ৩ জানুৱাৰী তাৰিখে ইতিমধ্যে জমা দিয়া তথ্যৰ ওপৰত নিৰ্ভৰ কৰি এটি অনলাইন সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল আৰু ১৪ জানুৱাৰী তাৰিখে আন্তঃৰাষ্ট্ৰীয় প্ৰতিস্থান আৰ্ট অৱ লিভিং‌ৰ এটি ন্যাসে শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যা মন্দিৰ ন্যাসৰ তৰফৰ পৰা ৰাজেশ বৰদলৈক ২০২৬ বৰ্ষৰ বাবে শ্ৰী শ্ৰী এৱাৰ্ড ফৰ বেষ্ট এডুকেটৰ ৰূপে ভাৰতৰ পূৰ্ব মণ্ডলৰ পৰা নিৰ্বাচন কৰে। উল্লেখযোগ্য যে, প্ৰতি বছৰে ভাৰতৰ চাৰিটা মণ্ডলৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচন কৰে । ইয়াৰ উপৰিও ভাৰতৰ সৰ্বশ্ৰেষ্ঠ দুখন বিদ্যালয়, উদ্ভাৱনীমূলক শিক্ষক, এনেদৰে কেইবাটাও শিতানত ৰাষ্ট্ৰীয় বঁটা প্ৰতি বছৰে ঘোষণা কৰে। ৰাজেশ বৰদলৈ প্ৰথম গৰাকী উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষক যি এই বঁটা পাবলৈ সক্ষম হৈছে। এই বঁটাত মানপত্ৰ, স্মাৰক, এখন আৰ্ট অৱ লিভিং‌ৰ চাদৰ, কিতাপৰ টোপোলা আৰু নগদ ৫১ হাজাৰ টকা প্ৰদান কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...