গুৱাহাটীত মুকলি কৰা হ’ল পোহনীয়া জীৱ-জন্তুৰ হেলথ কেয়াৰ আৰু ডায়গ’নষ্টিক চেণ্টাৰ

গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত কেইবাজনো বিশিষ্ট চিকিৎসকৰ উপস্থিতিত পোহনীয়া জীৱ-জন্তুৰ বিভিন্ন চিকিৎসাৰ বাবে ‘ভেট গেলেক্সি’ নামেৰে এটি হেলথ কেয়াৰ আৰু ডায়গ’নেষ্টিক কেন্দ্ৰ মুকলি কৰা হয়। ভেট গেলেক্সি কেন্দ্ৰটো মুকলি কৰে পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভবেন বৈশ্যই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিকিৎসক ডাঃ নৱকুমাৰ শৰ্মা, ডাঃ কবিতা শৰ্মা, ডাঃ চন্দন সিং, ডাঃ ছৈয়দ আৰিফ, ডাঃ ছাবিনা য়াচমিন, ডাঃ চয়ানিকা দাস, ডাঃ প্ৰিয়া মুক্তান, ডাঃ অৰ্পিতা ভৰালী, ডাঃ লুকু বুঢ়াগোহাঁই, ডাঃ স্নেহাংশু সিনহা আৰু অলি ডেকা সিনহা। এই ভেট গেলেক্সী চেণ্টাৰটোত পোহনীয়া কুকুৰ, মেকুৰীকে ধৰি বিভিন্ন জন্তুৰ উন্নত চিকিৎসা, জীৱ-জন্তুৰ তেজৰ নমুনা পৰীক্ষাৰ লগতে অস্ত্ৰোপচাৰৰো ব্যৱস্থা আছে। তদুপৰি এই চেণ্টাৰটোত সকলো বিভাগৰে বিশেষজ্ঞ চিকিৎসক থাকিব। উল্লেখযোগ্য যে বৰ্তমান পোহনীয়া জন্তুৰ পালন কৰা লোকসকলে জীৱ-জন্তুৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ বাবে নানা অসুবিধা সন্মুখীন হৈ আহিছে কিন্তু এই চিকিৎসায়লখন পৰা এতিয়াৰে পৰা ৰাইজৰ যথেষ্ট উপকৃত হ’ব বুলি জানিবলৈ দিয়া ভেট গেলেক্সি হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰৰ সঞ্চালক ডাঃ বৰিষ্ঠা বৰা সিনহাই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...