অসমৰ শৈক্ষিক উত্তৰণৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে আমেৰিকাবাসী এজন অসমীয়া যুৱকে

অসমৰ শৈক্ষিক উত্তৰণৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে আমেৰিকাবাসী এজন অসমীয়া যুৱকে। অসমৰ শিক্ষাৰ্থীৰ বাবে এক বিশেষ ৱেব-ছাইট মুকলি কৰিছে ভাস্কৰ চৌধুৰীয়ে। আমেৰিকাৰ HPP কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপী ভাস্কৰ চৌধুৰীয়ে অসমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এই ভিডিঅ’। kagajornao.com নামৰ ৱেবছাইটত ইতিমধ্যে আপলোড কৰা হৈছে কেবা হাজাৰ ভিডিঅ’। এটা আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে কাম কৰাৰ পিছতো অসমৰ শৈক্ষিক জগতৰ উত্তৰণৰ বাবে ভাস্কৰ চৌধুৰীয়ে অকলে আৰম্ভ কৰিছে এই অভিযান।

অসমীয়াৰ লগতে প্ৰয়োজন সাপেক্ষে ইংৰাজী মাধ্যমতো উপলৱদ্ধ হ’ব এই পাঠ্যক্ৰমৰ ভিডিঅ’। সমগ্ৰ আমেৰিকাকে ধৰি অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজীলেণ্ড, কানাডা, ইজৰাইল, আফগানিস্তানসহ ১০খনতকৈও অধিক দেশত সমাদৃত হৈছে ভাস্কৰ চৌধুৰীৰ ৱেবছাইট। ভাস্কৰ চৌধুৰীয়ে অসমৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথি সংগ্ৰহ কৰি এবছৰৰ ভিতৰত প্ৰায় ৫০০ ঘণ্টা ব্যয়ৰে প্ৰস্তুত কৰি উলিয়াইছে এই ভিডিঅ’সমূহ। ছাত্ৰ–ছাত্ৰীসকলে এই ৱেবছাইটৰ জৰিয়তে বিনামূলীয়াকৈ শিক্ষাগ্ৰহণ কৰিব পাৰিব। ভাস্কৰ চৌধুৰীৰ এই অভিনৱ চিন্তাই অসমৰ শিক্ষাৰ্থীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...