অসমৰ শৈক্ষিক উত্তৰণৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে আমেৰিকাবাসী এজন অসমীয়া যুৱকে

অসমৰ শৈক্ষিক উত্তৰণৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে আমেৰিকাবাসী এজন অসমীয়া যুৱকে। অসমৰ শিক্ষাৰ্থীৰ বাবে এক বিশেষ ৱেব-ছাইট মুকলি কৰিছে ভাস্কৰ চৌধুৰীয়ে। আমেৰিকাৰ HPP কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপী ভাস্কৰ চৌধুৰীয়ে অসমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এই ভিডিঅ’। kagajornao.com নামৰ ৱেবছাইটত ইতিমধ্যে আপলোড কৰা হৈছে কেবা হাজাৰ ভিডিঅ’। এটা আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে কাম কৰাৰ পিছতো অসমৰ শৈক্ষিক জগতৰ উত্তৰণৰ বাবে ভাস্কৰ চৌধুৰীয়ে অকলে আৰম্ভ কৰিছে এই অভিযান।

অসমীয়াৰ লগতে প্ৰয়োজন সাপেক্ষে ইংৰাজী মাধ্যমতো উপলৱদ্ধ হ’ব এই পাঠ্যক্ৰমৰ ভিডিঅ’। সমগ্ৰ আমেৰিকাকে ধৰি অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজীলেণ্ড, কানাডা, ইজৰাইল, আফগানিস্তানসহ ১০খনতকৈও অধিক দেশত সমাদৃত হৈছে ভাস্কৰ চৌধুৰীৰ ৱেবছাইট। ভাস্কৰ চৌধুৰীয়ে অসমৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথি সংগ্ৰহ কৰি এবছৰৰ ভিতৰত প্ৰায় ৫০০ ঘণ্টা ব্যয়ৰে প্ৰস্তুত কৰি উলিয়াইছে এই ভিডিঅ’সমূহ। ছাত্ৰ–ছাত্ৰীসকলে এই ৱেবছাইটৰ জৰিয়তে বিনামূলীয়াকৈ শিক্ষাগ্ৰহণ কৰিব পাৰিব। ভাস্কৰ চৌধুৰীৰ এই অভিনৱ চিন্তাই অসমৰ শিক্ষাৰ্থীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...