এমট্ৰনলৈ আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেট সেৱাৰ অনুজ্ঞা

গুৱাহাটী, ৩০ জুলাই, NKTV: অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম (এমট্ৰন) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দীৰ্ঘ দুৰত্বৰ ইন্টাৰনেট সেৱা প্ৰদানৰ বাবে এন এল ডি, আই এল ডি আৰু আই এছ পি অনুজ্ঞা প্ৰাপ্ত দেশৰ ভিতৰতে প্ৰথম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাবে পৰিগণিত হৈছে। এই সম্পৰ্কে কালি নতুন দিল্লীত ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ টেলি সংযোগ বিভাগৰ সৈতে এমট্ৰনৰ এক চুক্তি স্বাক্ষৰিত হয়।

টেলিসংযোগ বিভাগৰ সঞ্চালক ধনঞ্জয় ৰঞ্জন আৰু এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱে পুণৰ নবীকৰন যোগ্য ২০ বছৰীয়া এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে এমট্ৰনে অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ আৰু ভূটান, নেপাল, ম্যানমাৰ, বাংলাদেশ আদি চুবুৰীয়া ৰাষ্ট্ৰ সমূহত উচ্চ গতি সম্পন্ন ইন্টাৰনেট ব্যৱস্থাৰ উন্নীতকৰণ আৰু সেৱা আগবঢ়োৱাৰ অনুজ্ঞা লাভ কৰিলে। বহু প্ৰত্যাশিত এই ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোত ইন্টাৰনেট সেৱা অধিক সহজ, ফলপ্ৰসু আৰু ক্ষীপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত এমট্ৰনক সক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...