দিল্লীত নিষ্কণ্টক হ’ব মোদী: গুজৰাটৰ মুখ্যমন্ত্ৰী হ’ব অমিত শ্বাহ!

✒️অচিন্ত্য শৰ্মা

বিজেপিৰ শীৰ্ষতম মহলত ত্বৰাণ্বিত সংঘাত
মোদীৰ বাবে এতিয়া মোটাভায়েই প্ৰত্যাহ্বান
ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰাই অমিত শ্বাহক বিদায় দিয়াৰ আয়োজন

এসময়ত নৰেন্দ্ৰ মোদীৰ স্বাভাবিক উত্তৰাধীকাৰী হিচাপে বিবেচিত অমিত শ্বাহ এতিয়া হ’বলৈ আগবাঢ়িছে তেওঁৰ অস্বাভাবিক বিকল্প। মোদীয়ে যিমানেই হিন্দুত্ব আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদ এৰিছে, সিমানেই নিজৰ মন আৰু হৃদয়ৰ পৰা মোদীক এৰিছে বিজেপিৰ গৰিষ্ঠসংখ্যক নিষ্ঠাবান, হিন্দুত্ববাদী কাৰ্যকৰ্তাই আৰু তাৰেই পৰিণতিতমোদীৰ বিকল্প ৰূপে উত্থান ঘটিছে মোটাভাই অমিত শ্বাহৰ।

দৰাচলতে বিশ্বজুৰি মোদীৰ জনপ্ৰিয়তা বৃদ্ধিৰ যি সূচ্যাংকই বিভিন্ন জৰীপ নেদেখুৱাওক কিয়, নিজ দলৰ ভিতৰত দ্ৰুত গতিত কমিছে মোদীৰ জনপ্ৰিয়তা। দল আৰু সংঘৰ মৌলিক নীতি আদৰ্শ ত্যাগ কৰি বিতৰ্কিত ষড়সংঘচালক মোহন ভাগৱতৰ বিতৰ্কিত পথেৰেই পথিক হৈ মুছলিম তুষ্টিকৰণত ব্যস্ত হৈ উঠাৰ পিছৰ পৰাই দলৰ মাজত মোদীৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাৰ গৰাখহনীয়া আৰম্ভ হৈছে। হয়তো বিজেপিৰ আভ্যন্তৰত বৰ্তি থকা কঠোৰ শৃংখলা আৰু নিয়মানুবৰ্তিতাৰ বাবেই কোনেও মোদীৰ বিৰুদ্ধে এইপৰ্যন্ত মুকলি বিদ্ৰোহ ঘোষণা কৰা নাই। কিন্তু সকলোৰে মাজত বিৰাজ কৰিছে ২০০৪ চনৰ পুনৰাবৃত্তি ঘটাৰ আশংকা। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে হিন্দুত্ব আৰু ৰাষ্ট্ৰবাদ ত্যাগেৰে বিজেপিক হিন্দু ভোটদাতা ৰাইজৰ মাজত অগ্ৰহণযোগ্য কৰি তুলি ২০০৪ চনৰ লোকসভা নিৰ্বাচনত দলৰ পৰাজয় নিশ্চিত কৰাৰ নিচিনাকৈ মোদীয়েও দলটোক ৰাইজৰ মাজত পুনৰ অগ্ৰহণযোগ্য কৰি তুলিব নেকি, এয়াই এই মুহূৰ্তত বিজেপিৰ ভিতৰ চৰাত হৈ উঠিছে সৰ্বাধিক চৰ্চ্চিত প্ৰশ্ন। আৰু এনে প্ৰশ্নই খেদি ফুৰা হিন্দুত্ববাদী বিজেপিৰ কাৰ্যকৰ্তাসকলে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিচাৰিছে মোদীৰ বিকল্প, যি বিকল্প তেওঁলোকে বিচাৰি পাইছে অমিত শ্বাহৰ মাজত।

নৰেন্দ্ৰ মোদীৰ স্বাভাবিক তথা প্ৰাকৃতিক উত্তৰাধীকাৰী হবলৈ অপেক্ষা কৰি থকা অমিত শ্বাহক মোদীৰ তাত্ক্ষণিক বিকল্প তথা ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ এক গোপন অথচ দলৰ ভিতৰত। ইয়াৰ বাবে চৰ্ত ৰখা হৈছে তীব্ৰ হিন্দুত্বনিষ্ঠা, হিন্দুত্ববাদী চৰিত্ৰ আৰু সেই সেই দিশেৰে কৰ্মক। দলৰ ঘনিষ্ঠ সূত্ৰই জনোৱামতে ইতিমধ্যে এইসকল দলীয় কাৰ্যকৰ্তাৰ লগত অমিত শ্বাহেও সমগ্ৰ প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ আৰম্ভ কৰিছে, যি সহযোগৰ পৰিণতিত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আৰম্ভ হৈছে তেওঁৰ গভীৰ সংঘাত, যাৰ বাবে এতিয়া মোদীয় হৈ উঠিছে সক্ৰিয় আৰু প্ৰত্যাক্ৰমণাত্নক। এই সক্ৰিয়া আৰু প্ৰত্যক্ৰমণৰ অংশ হিচাপে মোদীয়ে ইতিমধ্যে বিজেপিৰ দুই সৰ্বোৰ্চ্চ নীতি নিৰ্ধাৰক সমিতি, কেন্দ্ৰীয় সংসদীয় সমিতি আৰু কেন্দ্ৰীয় নিৰ্বচনী সমিতি দুখন নিজৰ সুবিধা হোৱাকৈ পুনৰ গঠন কৰি লৈছে। দুয়োখন সমিতিতে অন্তৰ্ভুক্ত কৰি লৈছে তেওঁৰ একান্ত অনুগত সৰ্বানন্দ সোণোৱালৰ নিচিনা লোকক। তদুপৰি RSS এতিয়া সম্পূৰ্ণৰূপে মোদীৰ হাতৰ মুঠিত। মোদীৰ নিচিনাকৈ খোদ ষড়সংঘচালক ব্যস্ত মুছিলিম তুষ্টিকৰণত। তথাপি যেন আস্বস্ত হ’ব পৰা নাই মোদী। সেয়ে আয়োজন চলিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰপৰাই অমিত শ্বাহক বিদাই দিয়াৰ। দলীয় অন্য এক সূত্ৰই জানিবলৈ দিয়া মতে ইয়াৰ বাবে বাচি লোৱা হৈছে সামাগত গুজৰাত বিধানসবাৰ নিৰ্বাচন। এই নিৰ্বাচনৰ সুবিধা লৈয়েই পুনৰ নতুন দিল্লীৰ পৰা গান্ধীনগৰলৈ খেদা হ’ব অমিত শ্বাহক। যদি মোদীৰ পৰিকল্পনা অনুসৰিয়েই সকলোখিনি আগবাঢ়ে তেনেহ’লে এইবৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিতব্য গুজৰাট বিধানসভাৰ নিৰ্বাচনত অমিত শ্বাহ প্ৰক্ষেপিত হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে। ইয়াৰ বাবে দিল্লীত মোদীৰ বিপদ আতঁৰাব সমান্তৰালভাবে গুজৰাটত দলটো অবতীৰ্ণ হ’ব অধিক শক্তিশালী স্থিতিত।

লক্ষ্যণীয়ভাবে, বিজেপিত কাৰো ব্যক্তিগত ইচ্ছা অনিচ্ছাৰ কোনো মূল্য নাই। সংঘ আৰু দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তই ইয়াৰ বেদবাক্য। সেয়ে যদি সংঘ আৰু দলৰ নেতৃত্বই সিদ্ধান্ত বা নিৰ্দেশ দিয়ে, তেনেহ’লে নিজৰ ইচ্ছাৰ বিপৰীতেও গুজৰাটৰ ৰাজ্যিক ৰাজনীতিলৈ অমিত শ্বাহ গুজৰাটৰ ৰাজ্যিক ৰাজনীতিলৈ উভতি যাব লাগিব। নিষ্কণ্টক কৰি দিব লাগিব নৰেন্দ্ৰ মোদীক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...