এইবাৰো চলিবনে হাৰ্ডিক পাণ্ডিয়াৰ যাদু?

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ যেন ব্যস্ততাৰ অন্ত নাই। দেওবাৰে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ৫ উইকেটৰ ৰোমাঞ্চকৰ জয়ৰ পিছত পুনৰ দেওবাৰে খেলপথাৰত নামিব চিৰবৈৰী ভাৰত আৰু পাকিস্তান। যোৱা দেওবাৰৰ দৰে একে সময়তে ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামৰ ক্ৰিকেট পিটচত জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব দুয়োটা দলে।

কিন্তু এইবাৰ গ্ৰুপ ষ্টেজৰ খেলত নহয় ছুপাৰ 4ৰ গুৰুত্বপূৰ্ণ মেচত ২ পইণ্ট জিনিবলৈ চেষ্টা চলাব ভাৰত আৰু পাকিস্তানে। ইতিমধ্যে গ্ৰুপ ষ্টেজত পাকিস্তান আৰু হংকঙক সহজে পৰাস্ত কৰি শীৰ্ষস্থানত আছে টীম ইণ্ডিয়া। ইপিনে, ভাৰতৰ হাতত প্ৰথম মেচত পৰাজয় বৰণ কৰাৰ পিছত নিজৰ দ্বিতীয়খন মেচত হংকঙক ১৫৫ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছিল পাকিস্তানে।

খেলখনত প্ৰথমে বেট ধৰি নট আউট মহম্মদ ৰিজৱানৰ ৭৮ আৰু ফখৰ জামানৰ ৫৩ ৰানৰ দুৰ্দান্ত ইনিংছৰ সহায়ত পাকিস্তানে ২০ অভাৰত ১৯৩ ৰান কৰিবলৈ সক্ষম হৈছিল। আনহাতে, পাকিস্তানৰ বিধ্বংসী বলিঙৰ মুখামুখি হব নোৱাৰি হংকঙে কেৱল ৩৮ ৰানহে কৰিবলৈ সক্ষম হৈছিল। পাকিস্তানৰ হৈ ছাদাব খানে ৪টা আৰু মহম্মদ নাৱাজে ৩টাকৈ গুৰত্বপূৰ্ণ উইকেট দখল কৰিছিল।

হংকঙৰ বিৰুদ্ধে পাকিস্তানৰ এই বৃহৎ জয়ে প্ৰমাণ কৰিছে যে কাইলৈ ভাৰতে কোনোপধ্যে পাক দলটোক সহজভাৱে লব নোৱাৰে। দেশৰ কোটি কোটি অনুৰাগীৰ আশা ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ’ব। শেষ হাঁহি কিন্তু ভাৰতেই মাৰিব। এতিয়া অপেক্ষা মাথোঁ কেইটামান ঘণ্টাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...