ইউক্ৰেন যুদ্ধৰ দীৰ্ঘকালীন অভিশাপ

✒️অচিন্ত্য শৰ্মা

ক্ৰমাৎ আৰ্থিক বিপৰ্যয়ৰ মুখলৈ…
আগবাঢ়ি আহিছে মহাশক্তি…
সংকটত ৰুছিয়াৰ সমৰ অৰ্থনীতি
ইউক্ৰেন যুদ্ধৰ দীৰ্ঘকালীন অভিশাপ

হয়, বিশ্ব মহাশক্তি ৰুছিয়া সম্প্ৰতি আগবাঢ়িছে আৰ্থিক বিপৰ্যয়ৰ মুখলৈ। দীঘলীয়া ইউক্ৰেইন যুদ্ধই আমন্ত্ৰণ কৰি আনিছে এই বিপৰ্যয়। ইতিমধ্যে চাৰে ছয় মাহ অতিক্ৰম কৰিছে ৰুছিয়া আৰু ইউক্ৰেইনৰ মাজৰ ৰক্তক্ষয়ী যুদ্ধই। অথচ এই পৰ্যন্ত তুলনামূলকভাবে ক্ষুদ্ৰ দেশ ইউক্ৰেইনৰ ওচৰত ৰুছিয়াই সাব্যস্ত কৰিব পৰা নাই কোনো নিৰ্ণায়ক বিজয়। পৰিণতিত যুদ্ধৰ খৰচে ভাৰাক্ৰান্ত কৰিছে উভয় দেশক। কিন্তু এই ক্ষেত্ৰত অৰ্থ আৰু অস্ত্ৰৰে ইউক্ৰেইনক ব্যাপক ভাবে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা নেতৃত্বাধীন প্ৰায় অৰ্ধ বিশ্ব। অথচ ৰুছিয়াই নিজৰ যুঁজ যুঁজিব লগা হৈছে সম্পূৰ্ণ অকলশৰে। আনকি বিপদকালত পিঠি দিছে ৰুছিয়াই নিজৰ বন্ধু বুলি ভাবি থকা বিশ্বাসঘাটক ৰাষ্ট্ৰ, সম্প্ৰসাৰণবাদী ৰঙাচীনেও। এনে অৱস্থাত স্বাভাবিক আৰ্থিক সংকটত জুৰুলা হৈছে মহাশক্তি ৰুছিয়া। পিছে ইয়াতকৈও বৃহৎ সংকট ৰুছিয়াৰ বাবে আহিছে অন্য এটা দিশৰ পৰাহে।

ছাৰে ছয়মাহ যুঁজিও নিজতকৈ বহু সৰু আৰু দুৰ্বল দেশ ইউক্ৰেইনক ৰুছিয়াই কাবু কৰিব নোৱাৰা কথাটোৱে এতিয়া ৰুছ এস্ত্ৰৰ শক্তি আৰু বিশ্বাসযোগ্যতাৰ ওপৰতেই এক বৃহৎ প্ৰশ্ন চিহ্ণ থিয় কৰাইছে। যাৰ ফলত ক্ষতিগ্ৰস্ত হ’বলৈ লৈছে ৰুছ সমৰ অৰ্থনীতি। লক্ষণীয়ভাবে ৰুছিয়াই বছৰি বিপুল পৰিমাণৰ ধন অৰ্জন কৰে সমৰাস্ত্ৰ ৰপ্তানীৰ পৰা। সামগ্ৰীকভাবে ৰুছ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আছে দেশখনৰ ৰপ্তানীযোগ্য সমৰাস্ত্ৰসমূহৰ। এনে প্ৰেক্ষাপটত ইউক্ৰেইনৰ যুদ্ধই ৰুছ অস্ত্ৰৰ শক্তি তথা বিশ্বাসযোগ্যতাৰ ওপৰত আঘাত হনাৰ লগে লগে বিশ্বৰ অস্ত্ৰ বজাৰতো ৰুছ চাহিদা হ্ৰাস পাব ধৰিছে। ফলশ্ৰুতিত অবধাৰিতভাবে ৰুছ অৰ্থনীতিলৈ আহিছে দুৰ্যোগৰ আগজাননী। এনে অৱস্থাত ইউক্ৰেইনৰ এপৰতএক কাল্পনিক ভাবে বিধ্বংসী আঘাত হানি ৰুছ অস্ত্ৰৰ শক্তি বিশ্বসযোগ্যতা পুনৰ প্ৰতিপন্ন কৰাৰ অনুপেক্ষীয় বাধ্যবাধকতা আহি পৰিছে পুটিনৰ বাবে।

ইফালে ৰুছ নেতত্বই যিমানেই দম্ভ নেদেখুৱাওক কিয়, মাৰ্কিন মিত্ৰগোষ্ঠীয়ে আৰোপ কৰা আৰ্থিক প্ৰতিবন্ধকতাই যে ৰুছিয়াই ভীষণভাবে ক্ষতিগ্ৰস্ত কৰিছে, সেয়া এতিয়া আৰু লুকাই ৰাখিব পৰা হৈ থকা নাই। এই প্ৰতিবন্ধকতাৰ বাবেই ৰুছিয়াই নিজৰ খাৰুৱা তেল প্ৰায় আধা মূল্যত বিক্ৰী কৰিবলৈ বাধ্য হৈছে। নেতিবাচক প্ৰভাবিত হৈছে ৰপ্তানীৰ অন্যান্য খণ্ডসমূহো। সেয়ে দেশখনৰ ওপৰত পৰিছে আন এক আৰ্থিক মাধমাৰ। এনে দৰেই এতিয়া ইউক্ৰেইন যুদ্ধই একপ্ৰকাৰ বাঘৰ পিঠিত উঠাৰ নিচিনা সৃষ্টি কৰিছে পুটিনৰ বাবে। এই সমস্যৰ পৰিত্ৰাণ কোন পথেৰে আহিব, সেয়া এতিয়াও অজ্ঞাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...