আজি অসমলৈ অমিত শ্বাহ, তেজপুৰ আৰু গুৱাহাটীত শ্বাহৰ ৯টা কাৰ্যসূচী

৩ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ আহিছে অমিত শ্বাহ। বৃহস্পতিবাৰে মেঘালয়ৰ শ্বিলঙত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীজন। শ্বিলংস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰে চাইবাৰ সুৰক্ষা কাৰ্যকৰী কেন্দ্ৰ। বৃহস্পতিবাৰে নিশাটো শ্বিলঙত কটায় কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে। আজি উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশ ল’ব অমিত শ্বাহে।

ইয়াৰ পিছত বিয়লি শ্বিলঙৰ পৰা তেজপুৰলৈ আহিব অমিত শ্বাহ। তেজপুৰত মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে। বিয়লি ৪.৩০ বজাত অমিত শ্বাহে দৰ্শন কৰিব মহাভৈৰৱ মন্দিৰ। সন্ধিয়া ৬.৩০ বজাত শ্বাহ উপস্থিত হ’ব তেজপুৰ বিশ্ববিদ্যালয়ত। ভূপেন হাজৰিকাৰ স্মৃতিত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত অংশ ল’ব শ্বাহে। শুকুৰবাৰে নিশাটো তেজপুৰত কটাব গৃহমন্ত্ৰী অমিত শ্বাহে।

শনিবাৰে পুৱা ১০ বজাত তেজপুৰত SSBৰ প্ৰতিষ্ঠা দিৱসত অংশ ল’ব শ্বাহে। দুপৰীয়া ১২ বজাত ঢেকিয়াজুলীত আয়োজিত বাথৌ মহাসভালৈ যাব অমিত শ্বাহ। ঢেকিয়াজুলীৰ পৰা শনিবাৰে বিয়লি গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। আনহাতে, গুৱাহাটীত ৩টাকৈ কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে। সৰুসজাইত ২ বজাত শ্বাহে অংশ ল’ব অসম আৰক্ষী কমাণ্ডোৰ সমাৱৰ্তনত। বিয়লি ৪.৩০ বজাত কলাক্ষেত্ৰত মুকলি কৰিব লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ। সন্ধিয়া ৬ বজাত শ্বাহে মুকলি কৰিব পাণবজাৰত লুইতৰ পাৰত নিৰ্মিত উদ্যান। ইতিমধ্যে অমিত শ্বাহে ভ্ৰমণ কৰিব লগা স্থানসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...