প্ৰচণ্ড তুষাৰপাতে আগুৰিছে কেদাৰনাথ

কেদাৰনাথত আৰম্ভ হৈছে প্ৰচণ্ড তুষাৰপাত। চাৰিধাম যাত্ৰী সকলৰ মাজত সৃষ্টি হৈছে আতংক। বৰ্তমান দেশৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ প্ৰান্তৰ প্ৰায়বোৰ ৰাজ্যতে অব্যাহত আছে প্ৰচণ্ড গৰমৰ প্ৰকোপ। আনহাতে উত্তৰ-পূৱৰ সমান্তৰালকৈ উপকূলীয় কেইখনমান ৰাজ্যত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত। উত্তৰ আৰু উত্তৰ পশ্চিমৰ হিমালয় সন্নিহিত হৈ থকা ৰাজ্য সমূহৰ অধিকাংশই বৰ্তমান প্ৰৱল তুষাৰপাতৰ কৱলত পৰিছে। স্বাভাৱিকভাৱেই ব্যাহত হৈ পৰিছে জনসাধাৰণৰ জীৱন। জম্মু-কাশ্মীৰ, লেহ-লাডাখ, উত্তৰাখণ্ড আৰু হিমালয় প্ৰদেশৰ বহু স্থানত অব্যাহত আছে তুষাৰপাত। কুলু-মানালি আৰু লাহুল স্পিতিত তাপমাত্ৰা হ্ৰাস পাইছে জিৰ’ডিগ্ৰী ছেলছিয়াছলৈ। মানালি অঞ্চলৰ আশে-পাশে প্ৰৱল বৃষ্টিপাত আৰম্ভ হৈছে। বৃহস্পতিবাৰে মানালিৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ২ ডিগ্ৰী ছেলছিয়াছ। চাৰিধাম যাত্ৰা আৰম্ভ হোৱাৰ সময়তে আৰম্ভ হৈছে এই তুষাৰপাত। বৰ্তমান গঙ্গোত্ৰী, যমুনোত্ৰী, বদ্ৰীনাথ আৰু কেদাৰনাথত অব্যাহত আছে তুষাৰপাত । ১ মে’ পৰ্যন্ত এই ৰাজ্যকেইখনত তুষাৰপাত অব্যাহত থাকিব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...