সকলো বাহনৰ চালকে ল’ব লাগিব স্মাৰ্ট লাইচেন্স

পৰিবহণ খণ্ডত নতুনকৈ সংযোজন হ’ল তিনিখনকৈ আঁচনি

সকলো বাহনৰ চালকে ল’ব লাগিব স্মাৰ্ট লাইচেন্স

আগন্তুক তিনি মাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব বাহনৰ অনাদায় ফিটনেছ মাচুল

অন্যথা বাহন সমূহ পৰিবহণ বিভাগে কৰিব স্ক্ৰেপ

ফিটনেছৰ বিলম্ব মাচুলৰ ক্ষেত্ৰত বাহনৰ স্বত্বাধিকাৰীক দিয়া হৈছে বিশেষ ৰেহাই

খানাপাৰাৰ ৰাজপথত পৰিবহণ বিভাগৰ অভিযান

পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত এই অভিযান

ৰাজপথত চলা প্ৰতিখন বাহনৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰে

নথি-পত্ৰ নথকা একাংশ বাহনক বিহে জৰিমনা

ফিটনেছ মাচুল আৰু স্ক্রেপ সন্দৰ্ভত মন্তব্য

আগন্তুক তিনি মাহৰ ভিতৰত অনাদায় ফিটনেছ মাচুলৰ লগতে বিলম্ব মাচুল সমূহ আদায় দিবলৈ আহ্বান বাহনৰ স্বত্বাধিকাৰী সকলক

ফিটনেছৰ বাবদ তিনি চকীয়া পৰিবহন বাহনৰ পূৰ্বৰ প্ৰত্যেক দিনৰ বিলম্ব মাছুল ৫০ টকাৰ পৰিবৰ্তে ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰৰ ৫০ টকাৰ পৰিবৰ্তে ১৫ টকা, চাৰিচকীয়া পৰিবহন বাহনৰ ৫০ টকাৰ পৰিবৰ্তে ২০ টকা আৰু বাছ, ট্ৰাক ইত্যাদি গধুৰ বাণিজ্যিক পৰিবহন বাহনৰ বিলম্ব মাছুল ৫০ টকাৰ পৰিৱৰ্তে হ’লগৈ ২৫ টকা

ফিটনেছ তথা ফিটনেছৰ বিলম্ব মাচুল পৰিশোধ নকৰিলে স্ক্রেপ হ’ব বাহন সমূহ

ইতিমধ্যে স্ক্ৰেপ হোৱা বাণিজ্যিক অথবা ব্যক্তিগত বাহনৰ মালিক সমূহে আগন্তুক তিনি মাহৰ ভিতৰত অনাদায় কৰৰ ২৫% পৰিশোধ কৰিলেও হব

কিন্তু তাৰ বাবে উপস্থাপন কৰিব লাগিব বাহন খন স্ক্ৰেপ কৰাৰ প্ৰমাণ পত্ৰ

স্মাৰ্ট লাইচেন্স সন্দৰ্ভত নীতি

আগন্তুক তিনিমাহৰ ভিতৰত চালক অনুজ্ঞাপত্ৰখন কৰিব লাগিব স্মাৰ্ট

সকলো চালকে বনাব লাগিব স্মাৰ্ট কাৰ্ড

অন্যথা চালক অনুজ্ঞাপত্ৰৰ লগতে বাতিল হব বাহনৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ

এম্বুলেন্স সন্দৰ্ভত মন্তব্য

ইয়াৰ সমান্তৰাল ভাৱে এম্বুলেন্সৰ ক্ষেত্ৰতো কঠোৰ হৈছে পৰিবহণ বিভাগ

আজিৰ অভিযানত পৰীক্ষা কৰে এম্বুলেন্স সমূহো

ইতিমধ্যে ১০৮ কে ধৰি বিভিন্ন ব্যক্তিগত এম্বুলেন্সৰ সন্থাৰ লগতে গুৱাহাটী চিকিৎসা মহাবদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে পৰিবহণ বিভাগ

২৩ আগষ্টত আৰক্ষী, চিকিৎসা বিভাগ, এম্বুলেন্স সন্থাৰ লগত পৰিবহন বিভাগে অনুষ্ঠিত কৰিব সজাগতা মূলক অনুষ্ঠান

২৩ আগষ্টৰ পিছত পৰিবহণ বিভাগে গ্ৰহন এম্বুলেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব বহুকেইটা নতুন নীতি নিয়ম

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...