আজিয়েই কাৰাগাৰৰ পৰা ওলাব অখিল গগৈ

গুৱাহাটী, ২৫ জুন, NKTV: সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক। আদালতক কৰা আবেদনৰ ভিত্তিত শুকুৰবাৰে দুদিনৰ বাবে অনুমতি NIAৰ আদালতৰ। এছক’ৰ্টসহ মাতৃ–পুত্ৰক সাক্ষাতৰ বাবে যাব পাৰিব কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ। প্ৰাপ্ত তথ্য অনুসৰি, আজিয়েই কাৰাগাৰৰ পৰা ওলাব অখিল গগৈ। নিশা ৮ বজাত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাব শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকী। আজি নিশা নিজৰাপাৰৰ বাসগৃহত থাকিব অখিল গগৈ। মাতৃৰ লগতে পুত্ৰকো সাক্ষাতৰ অনুমতি পাইছে গগৈয়ে। ক’ভিডত আক্ৰান্ত হৈ আৰোগ্য হৈছে অখিলৰ পুত্ৰ। সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত পত্নী-পুত্ৰক লগ পাব অখিলে। শনিবাৰে পুৱা অখিল গগৈ ৰাওনা হ’ব যোৰহাটলৈ। যোৰহাটত মাতৃৰ সৈতে দুদিন কটাব অখিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...