নেতাজীৰ নাতিনীৰ নেতৃত্বত পুনৰ উজ্জীৱিত হ’ব ধৰিছে অখিল ভাৰত হিন্দু মহাসভাঃ বিজেপিৰ বাবে সৃষ্টি হৈছে মূৰ কোমোৰণিৰ

অচিন্ত্য শৰ্মা

নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাতিনীয়েক ৰাজ্যশ্ৰী চৌধুৰী এতিয়া ভাৰতীয় ৰাজনীতিত এক বিশেষভাবে চৰ্চ্চিত ব্যক্তিত্ব। কিয়নো তেওঁৰ ৰাজনৈতিক সক্ৰিয়তাই শেহতীয়াভাবে মূৰ কামোৰণিৰ সৃষ্টি কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত। কঁপি উঠিছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো তথাকথিত ৫৬ ইঞ্চিৰ বুকু।

কিন্তু কিয়? কিয় ৰাজ্যশ্ৰী চৌধুৰীৰ ৰাজনৈতিক সক্ৰিয়তাই টোপনি হৰিছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জেপি নড্ডা আদিৰ দৰে শীৰ্ষ বিজেপি নেতাসকলৰ? কাৰণ এইগৰাকী ৰাজ্যশ্ৰী চৌধুৰীৰ নেতৃত্বতে নতুনকৈ সক্ৰিয় হ’ব ধৰিছে ভাৰতৰ আটাইতকৈ পুৰণি হিন্দুত্ববাদী তথা ৰাষ্ট্ৰবাদী দল অখিল ভাৰত হিন্দু মহাসভা।

দৰাচলতে বিগত শতিকাৰ প্ৰথম ভাগতে জন্ম লোৱা অখিল ভাৰত হিন্দু মহাসভা বিজেপি বা বিজেপিৰ পূৰ্বসুৰী ভাৰতীয় জনসংঘতকৈও বহু পুৰণি। পিচে প্ৰাক স্বাধীনতা কালতে জন্মলাভ কৰা দলটো একাধিক কাৰণত নিস্তেজ আৰু নিস্ক্ৰীয় হৈ পৰিছিল উত্তৰ স্বাধীনতা কালত। পৰবৰ্তী দিনবোৰত দলটো সোমাই পৰিছিল বিভিন্ন আইনগত জটিলতাৰ মাজতো। এই সন্দৰ্ভত উত্থাপিত অভিযোগ অনুসৰি অখিল ভাৰত হিন্দু মহাসভা সোমাই পৰা এনে আইনগত জটিলতাত ইমানদিনে বিজেপিয়েই সাৰপানী যোগাই আহিছে, যাতে দেশৰ নিৰ্বাচিনী দৃশ্যপটত বিজেপিৰ হিন্দু ভোটবেংক খহাবলৈ অন্য এক হিন্দুত্ববাদী ৰাজনৈতিক দলৰ আবিৰ্ভাব নঘটে।

পিচে সকলো জটিলতা আঁতৰাই এতিয়া পুনৰ ঠন ধৰি উঠিব আৰম্ভ কৰিছে অখিল ভাৰত হিন্দু মহাসভা। মহাসভাৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰামতে দীৰ্ঘদিনীয়া বিবাদ-বিতৰ্কৰ অন্তত শেহতীয়াভাবে ৰাজ্যশ্ৰী চৌধুৰীয়েই দলটোৰ অবিসম্বাদী অন্তবৰ্তীকালীন সভাপতি হিচাপে নিযুক্তি হৈছে আৰু তেওঁৰ নেতৃত্বতে অহা ৪ মে’ত দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন হ’ব। আৰু হয়তো এনেদৰে দলটোৱে নিৰ্বাচন আয়োগৰ প্ৰয়োজনীয় আনুষ্ঠানিক স্বীকৃতি আৰু নিৰ্বাচনী প্ৰতীক চিহ্ন আদিও। যাৰ ফলত অখিল ভাৰত হিন্দু মহাসভা যোগ্য হৈ উঠিব ২০২৪ চনত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈকো।

দৰাচলতে বিজেপি শীৰ্ষ নেতৃত্বৰ বাবেও ভয়ৰ কাৰণ এইটোৱেই। যদিহে সঁচাকৈয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যশ্ৰী নেতৃত্বত অখিল ভাৰত মহাসভাই শক্তিশালী ৰূপত অবতীৰ্ণ হ’বলৈ সক্ষম হয়, তেনেহ’লে ই বিজেপিৰ ভোটবেংকতে খহনীয়া সৃষ্টি কৰিব। কাৰণ অখিল ভাৰত হিন্দু মহাসভাই যি ভোট লাভ কৰিব, সেয়া হ’ব বিশুদ্ধ হিন্দু ভোট। আনহাতে বিজেপিৰ বাবেও এইখিনিয়েই পৰম্পৰাগত ভোট। এনে অবস্তাত নিৰ্বাচনী যুঁজত অখিল ভাৰত হিন্দু মহাসভাৰ আবিভাৰ্বে সন্দেহাতীত ভাবে বিভাজিত কৰিব বিজেপিৰ হিন্দু ভোট, জয়ৰ ক্ষেত্ৰত সৃষ্টি কৰিব প্ৰত্যাহ্বানৰ। সেয়ে মোদীৰ বাবে ৰাজ্যশ্ৰী চৌধুৰী সম্পতি আতংকৰ অন্য এক নাম। আতংকৰ অন্য এক নাম অমিত শ্বাহ, জেপি নড্ডা আদিৰ বাবেও। এনে আবস্থাত লক্ষণীয় হ’ব ৰাজনীতিৰ এই বীৰপুৰুষসকলে এগৰাকী নাৰীক ৰাজনৈতিকভাবে প্ৰতিহত কৰিবলৈ কি কূটনীতি গ্ৰহণ কৰে সেইটোহে লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত নিহত সতীৰ্থ ডিঅ’গো জোটাক সুঁৱৰি চকুলো টুকিলে ৰোনাল্ডোৱে

ফিফা বিশ্বকাপ ২০২৬ৰ ‘ৰাউণ্ড অব ৩২’ৰ এখন ৰোমাঞ্চকৰ মেচত...

ভাৰত-জাপানৰ ১৬সংখ্যক বাৰ্ষিক সন্মিলনৰ সফল সামৰণি: অৰ্থনৈতিক নিৰাপত্তা, AI আৰু প্ৰতিৰক্ষাসহ ১৬টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৬...

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা

গ্ৰন্থবৰ্ষ ২০২৫ উপলক্ষে অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’...