এপ্ৰিল মাহৰ পৰা পুনৰ আৰম্ভ হ’ব এয়াৰ এছিয়াৰ বিমান সেৱা

এয়াৰ এছিয়াই বুধবাৰে জনোৱা অনুসৰি তেওঁলোকে এই মাহৰ পৰা ভাৰত, মালয়েছিয়া আৰু থাইলেণ্ডৰ সৈতে সংযাগ কৰা বিমান সমূহৰ চলাচল পুনৰ আৰম্ভ কৰিব। দুবছৰ কৰ’না মহামাৰীৰ পিছত, ভাৰতে ২৭মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বিমানৰ নিয়মীয়া চলাচল পুনৰ আৰম্ভ কৰিছে।

এক সংবাদ মেলৰ যোগেদি এয়াৰএছিয়াই জনায় যে, ভাৰত আৰু মালয়েছিয়াৰ মাজত মুঠ ৬টা পথত বিমান চলাচল পুনৰ আৰম্ভ হ’ব।

১ এপ্ৰিলত বেংগালুৰু-কুয়ালালামপুৰ আৰু চেন্নাই-কুয়ালালামপুৰ পথত বিমান চলাচল আৰম্ভ হোৱাৰ সময়তে, তিৰুচিৰাপল্লী-কুয়ালালামপুৰ পথৰ বিমানখন ৫ এপ্ৰিলত আৰম্ভ কৰা হৈছিল। কোচি-কুয়ালালামপুৰ, কলকাতা-কুয়ালালামপুৰ আৰু হায়দৰাবাদ-কুয়ালালামপুৰ পথত বিমানসমূহ ক্ৰমান্বয়ে ১৮ এপ্ৰিল, ২৩ এপ্ৰিল আৰু ১ মে’ৰ পৰা আৰম্ভ হ’ব বুলি জানিবলৈ দিছে।

AirAsiaই জনোৱা অনুসৰি ভাৰত-থাইলেণ্ডৰ মাজত মে’ মাহৰ পৰা পাঁচটা পথত বিমানসেৱা আৰম্ভ হ’ব বুলি জানিব দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...