কলকাতা অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতি

ৰবিবাৰে দুপৰীয়া উত্তৰ প্ৰদেশৰ হিন্দন বিমানবন্দৰৰ পৰা কলকাতা বিমানবন্দৰৰ উদ্দেশ্যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ আইএক্স ১৫১১ নম্বৰৰ বিমানখন ৰাওনা হোৱাৰ কথা আছিল। সেইমতে পাইলটে ৰানৱেৰ পৰা টেক অফৰ প্ৰস্তুতি লৈছিল। কিন্তু ইয়াৰ কিছু সময় পূৰ্বেই যান্ত্ৰিক ত্ৰুটি ধৰা পৰে। যাৰ বাবে প্ৰায় এঘণ্টা ধৰি বিমানখন ৰানৱেতে ৰৈ থাকিবলগীয়া হয়।

এয়াৰ ইণ্ডিয়াৰ অধীনস্থ সংস্থা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এই ঘটনাৰ বাবে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰি এখন বিবৃতি প্ৰকাশ কৰিছে। সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে যে, যাত্ৰীসকলে যদি যাত্ৰা বাতিল কৰে, তেন্তে টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই পাব। হিন্দন বিমানবন্দৰৰ সূত্ৰৰ পৰা জনা গৈছে যে, ৰানৱেৰ পৰা বিমানখন ওলোৱাৰ কিছু সময় পূৰ্বে এগৰাকী বিমানকৰ্মীয়ে যান্ত্ৰিক ত্ৰুটি লক্ষ্য কৰে। ইয়াৰ পিছত পাইলটে বিমানখন আগুৱাই নিবলৈ আৰু সাহস নকৰিলে। তথাপিও ত্ৰুটিটো কি আছিল, সেয়া এতিয়াও স্পষ্ট নহয়। ইঞ্জিনিয়াৰসকলে বিমানখন ততাতৈয়াকৈ পৰীক্ষা কৰি চায়।

ইফালে, বৃহস্পতিবাৰৰ পৰা এয়াৰ ইণ্ডিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে। বৃহস্পতিবাৰৰ দুপৰীয়া ১ বাজি ৩৮ মিনিটত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী বিমান (এআই ১৭১) বিস্ফোৰিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মুঠ ২৪২ গৰাকী যাত্ৰী আছিল—২৩২ গৰাকী যাত্ৰী, ১০ গৰাকী ক্ৰু সদস্য আৰু দুজন পাইলট। বিমান দুৰ্ঘটনাটোত এজন যাত্ৰীৰ বাহিৰে সকলোৰে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...