গৰুৰ গোবৰ, কঠিন আৱৰ্জনা ব্যৱহাৰ কৰি কমপ্ৰেছড বায়গেছ উৎপাদনৰ লক্ষ্য

ভাৰতৰ গোলকীয় উষ্ণতা প্রশমনৰ লক্ষ্যত অসমে অপৰিসীম অৰিহণা যোগাব বুলি আশা প্রকাশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ দমৰা পথাৰত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো কমপ্ৰেছড বায় গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰেডলেমন টেকন’লজিছ প্রাইভেট লিমিটেডৰ বেনাৰত উদ্যোগী পংকজ গগৈ আৰু ৰাকেশ দলেই প্ৰতিষ্ঠা কৰা এই প্ৰকল্পটোত গৰুৰ গোবৰ, পৌৰসভা এলেকাৰ কঠিন আৱৰ্জনা আদি কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি প্ৰতিদিনে ৫ টন ক্ষমতাসম্পন্ন কমপ্ৰেছড বায়গেছ উৎপাদনৰ লক্ষ্যৰে ২০২৩ চনৰ নৱেম্বৰৰ পৰা কাৰ্যক্ষম কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে।

এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰি কয় যে, সোণাপুৰত আধাৰশিলা স্থাপন কৰা কমপ্ৰেছড বায় গেছ প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অসম চৰকাৰে স্বচ্ছ আৰু সেউজ শক্তি উৎপাদনৰ বাবে যি লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে সেই দিশত যথেষ্ট সহায়ক হৈ উঠিব। আনহাতে, ই পৌৰ সভাৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত থকা সমস্যাও আঁতৰ কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। মুখ্যমন্ত্রীয়ে কয় যে সোণাপুৰৰ এই কমপ্ৰেছড বায় গেছ প্রকল্পত কৃষকসকলে বায় গেছ উৎপাদনৰ বাবে পশুৰ আৱৰ্জনা বিক্ৰী কৰিব পাৰিব আৰু ইয়ে কৃষকসকলৰ অতিৰিক্ত আয়ৰ সুবিধাও প্রদান কৰিব। তেওঁ লগতে আশা প্রকাশ কৰি কয় যে এই উদ্যোগটোত জৈৱ গেছৰ পৰা উৎপাদিত হ’বলগীয়া জৈৱিক সাৰে সমগ্ৰ ৰাজ্যখনত ব্যৱহাৰ কৰি থকা ৰাসায়নিক সাৰৰ বিকল্প হিচাপেও পৰিগণিত হ’ব।

ভাৰতৰ কাৰ্বন নির্গমন হ্রাস কৰাৰ বাবে ৰাষ্ট্ৰ সংঘৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অন্যান্য ৰাজ্যসমূহৰ দৰে অসমেও নিজৰ সামর্থ অনুসৰি এই দিশত প্ৰয়োজনীয় পদক্ষেপ লৈছে, যাতে দেশখনে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ হ্রাস কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হয়।

মুখ্যমন্ত্ৰীয়ে জৈৱ ইন্ধন আৰু জৈৱ গেছ উৎপাদনৰ বাবে উদ্যোগীসকল আগ্ৰহী হৈ পৰাৰ বাবে সন্তোষ প্ৰকাশ কৰাৰ লগতে জৈৱ ইন্ধন, জৈৱ গেছ উৎপাদন কৰিব বিচৰা উদ্যোগীসকলক ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি কয়। এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কসকল ক্রমে অতুল বৰা, মানৱ ডেকা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...