বাধ্যতামূলকভাৱে মাতৃভাষা অধ্যয়নৰ সিদ্ধান্তৰ পৰা পিছ হুহুকিল শিক্ষা বিভাগ!

ইংৰাজী মাধ্যমৰ হেঁচাত বাধ্যতামূলকভাৱে মাতৃভাষা অধ্যয়নৰ সিদ্ধান্তৰ পৰা পিছ হুহুকিল শিক্ষা বিভাগ। অসমৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহত মাতৃভাষা বাধ্যতামূলক কৰি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পূৰ্বে এক নিৰ্দেশ জাৰি কৰিছিল। পিছত বিকল্প ইংৰাজীক মাতৃভাষা ৰূপে পঢ়াৰ সুবিধা দিবলৈ দাবী জনায় বিভিন্ন দল-সংগঠনে। ইয়াৰ পিছতে শিক্ষা বিভাগে এক নিৰ্দেশৰ জৰিয়তে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰি ছাত্ৰ-ছাত্ৰীক বিকল্প ইংৰাজী ভাষাক মাতৃভাষা ৰূপে পঢ়াৰ অনুমতি দিবলৈ নিৰ্দেশ দিছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত বিকল্প ইংৰাজীক মাতৃভাষা ৰূপে পঢ়াৰ সুবিধা দিলে ইংৰাজী মাধ্যমৰ বহু ছাত্ৰ-ছাত্ৰী নিজৰ মাতৃভাষা পৰিত্যাগ কৰি ইংৰাজী ভাষাতে শিক্ষাগ্ৰহণ কৰাৰ আশংকা কৰি মাতৃভাষা বাধ্যতামূলক কৰিবলৈ ৰাজ্যৰ বিভিন্ন জাতীয়তাবাদী দল-সংগঠনে দাবী জনাই আহিছিল। কিন্তু অৱশেষত পূৰ্বৰ নিৰ্দেশ বাতিল কৰিব লগা হয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...