ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত জাহিৰ আলী ওৰফে ভূত্তু

ৰাজ্যত পুনৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুৰ্ধৰ্ষ জাহিৰ আলী ওৰফে ভূত্তু। ডকাইত বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা এনকাউণ্টাৰ আৰক্ষীৰ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাবে আহত দুৰ্ধৰ্ষ ডকাইত তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী ওৰফে ভূত্তু৷ পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই ঘটনা৷ শুকুৰবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে জালনোট আৰু নকল সোণৰ বিৰুদ্ধে কেইবাঠাইতো অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা টকা বনোৱা দুটা মেছিন, জালনোট, সোণৰ মূৰ্তিৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল৷ ইয়াৰে অন্যতম আছিল জাহিৰ আলী ওৰফে ভুত্তু৷ আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰিছিল। পলায়নৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে আৰু জাহিৰ আলীৰ ভৰিত গুলী লাগে৷ সংকটজনক অৱস্থাত ভুত্তুক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...