ৰোহিত শৰ্মাৰ পিছত এইবাৰ মাধুৰী দীক্ষিতৰ বিষয়ে বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ…

ৰোহিত শৰ্মাৰ বিষয়ে কংগ্ৰেছ নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে, দলৰ আন এজন নেতাই অভিনেত্ৰী মাধুৰী দীক্ষিতৰ বিষয়ে মন্তব্য কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা টিকা ৰাম জুলীয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰক ৮ আৰু ৯ মাৰ্চত জয়পুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী (IIFA) পুৰস্কাৰৰ বাবে ১০০ কোটি টকাতকৈ অধিক ধন ব্যয় কৰাৰ বাবে সমালোচনা কৰিছে।

জুলীয়ে IIFA পুৰস্কাৰৰ অতিথি তালিকাৰ বিষয়ে কটাক্ষ কৰি কৈছে যে, এই অনুষ্ঠানত বলীউডৰ কোনো প্ৰধান তাৰকা উপস্থিত নাছিল। এজন বিজেপি বিধায়কে মাধুৰী দীক্ষিতৰ উপস্থিতিৰ কথা উল্লেখ কৰাত জুলীয়ে হিন্দী চলচ্চিত্ৰৰ এই অভিনেত্ৰীক “দ্বিতীয় শ্ৰেণীৰ অভিনেত্ৰী” বুলি বৰ্ণনা কৰিছে।

“কেৱল শ্বাহৰুখ খানহে প্ৰথম শ্ৰেণীৰ অভিনেতা আছিল,” তেওঁ IIFA ২০২৫ৰ অতিথি তালিকাৰ কথা উল্লেখ কৰি কৈছিল।

ইয়াৰ কেইদিনমান আগতে কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মোহামেদে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ বিষয়ে মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁৰ X (পূৰ্বৰ টুইটাৰ) একাউণ্টত এটা পোষ্টত মোহামেদে ৰোহিত শৰ্মাক “শকত” আৰু “ভাৰতৰ সৰ্বকালৰ সৰ্বাধিক অদক্ষ অধিনায়ক” বুলি উল্লেখ কৰিছিল।

কংগ্ৰেছে অৱশ্যে এই মন্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখি কৈছিল যে – এই মন্তব্যই দলৰ অৱস্থান প্ৰতিফলিত নকৰে আৰু নেত্ৰীগৰাকীক সংশ্লিষ্ট পোষ্টটো ডিলিট কৰিবলৈ কোৱা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি...

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...