কেৰালাৰ পিছত সন্ত্ৰাসবাদীৰ লক্ষ্য দিল্লী–মুম্বাই

কেৰালাৰ পিছত সন্ত্ৰাসবাদীৰ লক্ষ্য দিল্লী–মুম্বাই
জনবহুল অঞ্চল, বজাৰত কুটাঘাতৰ আশংকা
দিল্লী, মুম্বাইত হাই এলাৰ্ট জাৰি

কেৰালাত খ্ৰীষ্টানৰ প্ৰাৰ্থনা সভাত IED বিস্ফোৰণৰ হোৱা ঘটনাৰ পিছতে কঁপিছে দেশ। কেৰালাৰ পিছত দিল্লী–মুম্বাই দুৰ্বৃত্তৰ টাৰ্গেট হ’ব পাৰে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে দিল্লী–মুম্বাইৰ ব্যস্ত অঞ্চলত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী।

দিল্লী আৰক্ষী–চোৱাংচোৱা সংস্থাৰ মাজত সঘন আলোচনা

চোৰাংচোৱা সংস্থাৰ পৰামৰ্শক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে নিৰাপত্তা বাহিনীয়ে। সন্ত্ৰসবাদীয়ে ন ন কৌশলেৰে কূটাঘাতৰ পৰিকল্পনা কৰাৰো তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাই। কেৰালাৰ প্ৰাৰ্থনা গৃহত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাই উন্মোচিত কৰিছে কূটাঘাতৰ আশংকা। কেৰালাত বন্ধ প্ৰাৰ্থনা গৃহত চলিছিল অনুষ্ঠান। তাৰ মাজতেই সংঘটিত হ’ল ধাৰাবাহিক বিস্ফোৰণ। ইতিমধ্যে এই বিস্ফোৰণত জড়িত থকাৰ দাবীৰে এজনে আত্মসমৰ্পণ কৰিছে। কিন্তু বৰ্তমানো নিশ্চিত হোৱা নাই বিস্ফোৰণৰ কাৰণ। লোকজনে সঁচা কথা যে কৈছে তাৰ কোনো নিশ্চয়তা নাই। এনে পৰিস্থিতিতে নিৰাপত্তা বাহিনীয়ে সতৰ্কতা অৱলম্বন কৰিছে। বিশেষভাৱে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু বাণিজ্যিক নগৰী মুম্বাইত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে সতৰ্কতা অৱলম্বন কৰা হৈছে। ইয়াৰোপৰি দেশত বৰ্তমান চলি আছে ক্ৰিকেট বিশ্বকাপ। গতিকে মেচ অনুষ্ঠিত হ’বলগীয়া স্থানসমূহত হোটেল, ৰেষ্টোৰা আদিতো নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...