সঘন ৰে’ল দুৰ্ঘটনাই কঁপাইছে দেশ

বাঢ়িয়েই আছে অন্ধ্ৰৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা
সঘন ৰে’ল দুৰ্ঘটনাই কঁপাইছে দেশ
ৰে’ল দুৰ্ঘটনাৰ ধাৰাবাহিকতাক লৈ চৰকাৰক আক্ৰমণ মমতাৰ

অন্ধ্ৰপ্ৰদেশৰ ভয়াবহ পথ দুৰ্ঘটনাই পুনৰ জোকাৰিছে দেশ। দুৰ্ঘটনাস্থলীত চলি আছে উদ্ধাৰ কাৰ্য। ইফালে দুৰ্ঘটনাটো নিহতৰ সংখ্যা বৃদ্ধি পাই আছে।

সোমবাৰৰ দিনৰ দুই বজা পৰ্যন্ত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি
মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে
আহতৰ সংখ্যা অৰ্ধশতাধিক

অন্ধ্ৰপ্ৰদেশ বিজয়নগৰম জিলাত দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই ভয়াবহ ৰে’ল দুৰ্ঘটনাটো। হাওৰা–চেন্নাই মেইন লাইনত দুখন ৰে’লৰ মাজত লাগে সংঘৰ্ষ। গৈ থকা এখন পেছেঞ্জাৰ ৰে’লত খুন্দা মাৰে বিশাখাপত্তনম–পালচা পেছেঞ্জাৰ ৰে’লখন। তাৰ পিছৰ দৃশ্য এয়া।

তাৎক্ষণিভাৱে ৰে’ল মন্ত্ৰালয়ে আহত আৰু নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা কৰে।

নিহতৰ আত্মীয়লৈ দহ লাখ
গুৰুতৰভাবে আহতলৈ ২.৫ লাখ
সামান্য পৰিমাণে আহতলৈ ৫০,০০০ টকা

প্ৰধানমন্ত্ৰী কাৰ্যালয়েও নিহতৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতলৈ ৫০ হাজাৰ টকা সাহায্য আগবঢ়াইছে। বৰ্তমান আহতসকলক চিকিৎসা কৰি থকা হৈছে। কিন্তু এই দুৰ্ঘটনাৰ পিছতেই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। দেশত সঘনে ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱাক লৈ সৰৱ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীসহ বিৰোধী।

সঘন ৰে’ল দুৰ্ঘটনাক লৈ চৰকাৰক আক্ৰমণ বিৰোধীৰ
ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ দাবী মমতা বেনাৰ্জীৰ

যোৱা ৫টা মাহতে দুটাকৈ ভয়ংকৰ ৰে’ল সংঘৰ্ষৰ ঘটনা ঘটিছে। ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাত ২৮০জন লোকে প্ৰাণ হেৰুৱাই। এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল অন্ধ্ৰপ্ৰদেশত। কংগ্ৰেছেও ৰে’ল দুৰ্ঘটনাক লৈ আক্ৰমণ কৰিছে মোদী চৰকাৰক।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক পদত্যাগৰ দাবী
নতুন কৌশল উদ্ভাৱনৰো দাবী কৰিলে কংগ্ৰেছে


ৰে’ল দুৰ্ঘটনাক লৈ দেশবাসীৰ উদ্বিগ্নতা স্বাভাৱিক। ২ জুনত ওড়িশাৰ বালাছোৰত ৩খনকৈ ৰে’লৰ সংঘৰ্ষত ২৮০ জন লোকে প্ৰাণ হেৰৱাইছিল। ইয়াৰ পিছতো কিন্তু ৰে’ল দুৰ্ঘটনা স্তব্ধ হোৱা নাই।

বালাছোৰৰ দুৰ্ঘটনাৰ পৰা অক্টোবৰৰ শেষ পৰ্যন্ত দেশত ১২টা ৰে’ল দুৰ্ঘটনা
আগষ্টৰ পৰা ৫টা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে বিভিন্ন স্থানত
মাদুৰাইত ২৬ আগষ্টত ৰে’ল দুৰ্ঘটনাত ৯জন নিহত, ২০ জন আহত
২৩ ছেপ্তেম্বৰত ভালছাদ ৰে’ল ষ্টেচনত এখন ৰে’লত লাগে জুই
২৬ ছেপ্তেম্বৰত মথুৰাত লাইনচ্যুত হয় এখন ৰে’ল
১১ অক্টোবৰত বিহাৰৰ বক্সাৰত ৰে’ল লাইনচ্যুত হোৱাত ৪জন নিহত

ইয়াৰ পিছত অন্ধ্ৰপ্ৰদেশত সংঘটিত হ’ল শেহতীয়া ৰে’ল দুৰ্ঘটনা। এই পৰিস্থিতিত ৰে’ল যাত্ৰা কিমান নিৰাপদ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...