কাজিৰঙাৰ পাছতে পৰ্যটকৰ মাজত আকৰ্ষণ বৃদ্ধি হৈছে মানসক লৈ

ৰাষ্ট্রীয় উদ্যানখনত এতিয়া প্ৰকৃতিয়ে ছটিয়াই দিছে আবিৰ

এজাৰ-কৃষ্ণচূড়া-ৰাধাচূড়াৰ ৰঙত বিধৌত মানস ৰাষ্ট্ৰীয় উদ্যান

ভিন্নৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ চৌপাশ

কাজিৰঙাৰ পাছতে ৰাজ্যৰ দ্বিতীয়খন পুৰণি ৰাষ্ট্ৰীয় উদ্যান হৈছে মানস। জৈৱ-বৈচিত্র্যৰ দিশেৰে অতি চহকী মানস ৰাষ্ট্ৰীয় উদ্যান। ৮৫০ বৰ্গকিলোমিটাৰ এলেকাজুৰি বিস্তৃত মানসৰ লগতে সংলগ্ন হৈ আছে ভূটানৰ ১,০৫৭ বৰ্গকিলোমিটাৰ এলেকাৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান। মানসত পোৱা যায় বহু দুষ্প্রাপ্য জীৱ-জন্তু। মানসৰ অৰণ্যত আছে গঁড়-বাঘ-হাতী-ম’হৰ উপৰি দুষ্প্রাপ্য প্ৰজাতিৰ সোণালী বান্দৰ, নল গাহৰি, গোধাফুটুৰী বাঘ, খাগৰিকটা পহু আদি। ইয়াৰ লগতে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেও প্রখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যান।  

১৯২৮ চনতে মানসে লাভ কৰিছিল বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা

১৯৭৩ চনত মানস অন্তৰ্ভুক্ত হৈছিল ব্যাঘ্র প্ৰকল্পৰ

১৯৮৫ চনত ইউনেস্ক’ই মানসক প্রদান কৰে বিশ্ব ঐতিহ্যবাহী স্থানৰ স্বীকৃতি

১৯৯০ চনত মানসে লাভ কৰে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা

মানসৰ চৌপাশ সুৰক্ষিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে বন্য জীৱ–জন্তুৰ সংখ্যা। মানসৰ আন্তঃগাঁথনি সৃষ্টি হোৱাৰ লগে লগে পৰ্যটকৰ আগমনো বৃদ্ধি পাইছে ৰাষ্ট্রীয় উদ্যানখনলৈ।

বিগত ২০২৩-২৪ বৰ্ষত মানসত পৰ্যটকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি

ইয়াৰ মাজত বিদেশী পৰ্যটক আছিল ১৭০০ৰো অধিক

১ কোটি ২০ লাখ টকা ৰাজহ সংগ্রহ হৈছে মানসত

দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা মানসত এতিয়া বনৰজাৰ মুক্ত বিচৰণৰ দৃশ্যও সুলভ হৈ পৰিছে। সুশোভিত মানসত বহু পৰ্যটকে দেখিবলৈ পাইছে ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ দৃশ্য।

২০২২ৰ পিয়ল মতে মানসত আছে প্ৰায় ৬০টা বাঘ

ইয়াৰে ৫২টা বাঘ পূৰ্ণবয়স্ক আৰু ৮টা পোৱালি

এসময়ত শতাধিক গঁড় থকা মানসত বৰ্তমান গঁড়ৰ সংখ্যা হৈছেগৈ ৫৪

মানসৰ প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্যৰ লগতে বিৰল জীৱ-জন্তু প্রত্যক্ষ কৰিবলৈ মানস এতিয়া ভিৰ কৰিছে অগণন পৰ্যটকে। বানপানীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ হোৱাৰ পূৰ্বেই মানস দৰ্শন কৰাৰ বাবে সেয়ে বৃদ্ধি পাইছে পৰ্যটকৰ হেতা-ওপৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...