নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন। AFSPA প্ৰত্যাহাৰৰ বিষয়টো পৰ্যালোচনাৰ বাবে গঠন হ’ব বিশেষ কমিটী। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকৰ পাছতে এই সিদ্ধান্ত। ৫ সদস্যৰে গঠিত হ’ব বিশেষ কমিটী। নাগালেণ্ড মুখ্যমন্ত্ৰী নেফিউঅ’ ৰিঅ’ই প্ৰকাশ কৰিছে এই কথা। ৪৫ দিনৰ ভিতৰত এই কমিটীয়ে দাখিল কৰিব প্ৰতিবেদন। সেই প্ৰতিবেদনৰ ভিত্তিতে নাগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। ২৩ ডিচেম্বৰত গৃহমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হৈছিল বৈঠক।

এই বৈঠক উপস্থিত আছিল নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউঅ’ ৰিঅ’, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পেটল, নাগা পিপুল ফ্ৰণ্টৰ টি আৰ জেলিয়াং। ২০ ডিচেম্বৰত AFSPA প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল নাগালেণ্ডৰ বিধানসভাই। নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত সেনাবাহিনীৰ ভুৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল ১৪জনকৈ নিৰীহ লোকে। ঘটনাত অভিযুক্ত সেনাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব ব্যৱস্থা। তদন্ত প্ৰক্ৰিয়া চলি থকা লৈকে নিলম্বিত হৈ থাকিব ঘটনাত জড়িত সেনা জোৱান। মৃত্যু হোৱা পৰিয়ালৰ সদস্যলৈ চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত এই বৈঠকত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...