নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন। AFSPA প্ৰত্যাহাৰৰ বিষয়টো পৰ্যালোচনাৰ বাবে গঠন হ’ব বিশেষ কমিটী। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকৰ পাছতে এই সিদ্ধান্ত। ৫ সদস্যৰে গঠিত হ’ব বিশেষ কমিটী। নাগালেণ্ড মুখ্যমন্ত্ৰী নেফিউঅ’ ৰিঅ’ই প্ৰকাশ কৰিছে এই কথা। ৪৫ দিনৰ ভিতৰত এই কমিটীয়ে দাখিল কৰিব প্ৰতিবেদন। সেই প্ৰতিবেদনৰ ভিত্তিতে নাগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। ২৩ ডিচেম্বৰত গৃহমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হৈছিল বৈঠক।

এই বৈঠক উপস্থিত আছিল নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউঅ’ ৰিঅ’, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পেটল, নাগা পিপুল ফ্ৰণ্টৰ টি আৰ জেলিয়াং। ২০ ডিচেম্বৰত AFSPA প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল নাগালেণ্ডৰ বিধানসভাই। নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত সেনাবাহিনীৰ ভুৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল ১৪জনকৈ নিৰীহ লোকে। ঘটনাত অভিযুক্ত সেনাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব ব্যৱস্থা। তদন্ত প্ৰক্ৰিয়া চলি থকা লৈকে নিলম্বিত হৈ থাকিব ঘটনাত জড়িত সেনা জোৱান। মৃত্যু হোৱা পৰিয়ালৰ সদস্যলৈ চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত এই বৈঠকত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...