আহোম পোছাকত নিশিতাৰ ৰূপ দেখি ছচিয়েল মিডিয়াত ধুমুহা

অসমৰ প্ৰতিটো জনগোষ্ঠীৰে সুকীয়া পোছাক আছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সুকীয়া কলা-কৃষ্টি থকাৰ লগতে বিশেষ সাজপাৰো আছে। টাই আহোমসকলৰ পোছাকত অসমৰ যুৱতীসকলক অপূৰ্ব দেখা যায়। অতীজৰে পৰা নিজৰ ঐতিহ্য তথা পৰম্পৰা ধৰি ৰখাৰ বাবে নিজৰ পোছাক পৰিধান কৰি আহিছে আহোম ৰমণীসকলে।

শেহতীয়াভাবে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে আহোম পোছাক পৰিধান কৰি আপলোড কৰে ফটো।

ফটোখনৰ কেপচনত নিশিতাই লিখিছে-এই যে বৰ অসমখনৰ ভেঁটি গঢ়ি থৈ গৈছিল আহোম সকলে , কিমান ধুনীয়া আছিল তেওঁলোকৰ সাজ-সজ্জা । গাত লৈ কিবা যেন এক অনাবিল আনন্দ পোৱা যায় । সেই ৰাজকীয় , পৰম্পৰাগত, ঐতিহ্য বহনকাৰী কাপোৰযোৰ মেৰিয়াই লৈ কিছু মূহুৰ্ত সাঁচি ৰাখিলোঁ।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে সামাজিক মাধ্যমত এক্টিভ থাকে। বিভিন্ন স্থান ভ্ৰমণ, ফটো আৰু নিজৰ সাংস্কৃতিক আৰু প্ৰমচনেল কাম-কাজৰ তথ্য প্ৰচাৰ কৰে অনুৰাগীৰ মাজত। ইয়াৰ লগতে সামাজিক বিষয়সমূহৰ ওপৰতো নিজৰ মতামত দাঙি ধৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...