অভিনেত্ৰী য়ামী গৌতমক জেৰা EDৰ

গুৱাহাটী, ২ জুলাই, NKTV: বলীউডৰ মোহময়ী অভিনেত্ৰী য়ামী গৌতমক বুধবাৰে মুম্বাইৰ প্ৰৱৰ্তন সঞ্চালকালয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA)উলংঘনৰ অভিযোগত জেৰা চলায়। তদন্ত সংস্থাটোৱে তেওঁৰ বেংক একাউণ্টত ₹১.৫ কোটি বৈদেশিক মুদ্ৰাৰ লেনদেন ধৰা পেলাইছে।

৩২ বছৰীয়া অভিনেত্ৰী গৰাকীক পূৰ্বতেও জেৰাৰ বাবে মাতি পঠোৱা হৈছিল কিন্তু তেওঁ সংস্থাটোৰ সন্মুখত হাজিৰ হ’ব নোৱাৰিলে। যদিও বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অসামৰিক প্ৰক্ৰিয়াৰ অধীনত তদন্ত চলি আছে। য়ামী গৌতমে যোৱা মাহত চলচ্চিত্ৰ পৰিচালক আদিত্য ধৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

অভিনেত্ৰী গৰাকীক শেষবাৰৰ বাবে পুনীত খান্নাৰ ‘জিনি ৱেডছ চানী’ শীৰ্ষক ছবিখনত দেখা পোৱা গৈছিল। কেইমাহমান পূৰ্বে নেটফ্লিক্সত মুক্তি পোৱা ছবিখনত তেওঁক বিক্ৰান্ত মেছীৰ সৈতে দেখা গৈছিল। তেওঁ বালা, যুধম, বদলাপুৰ, চনম ৰে, কাবিল আৰু উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক আদি চলচ্চিত্ৰত অভিনয় কৰিছে। প্ৰতিভাশালী অভিনেত্ৰী গৰাকীয়ে আয়ুষ্মান খোৰানাৰ সহ-অভিনেত্ৰী হিচাপে বিকি ডোনাৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...