বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী ৰঞ্জন তালুকদাৰৰ ইহলীলা সম্বৰণ

আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ অৰ্জুন জয়ন্ত তালুকদাৰৰ পিতৃ বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী ৰঞ্জন তালুকদাৰে আজি ইং ২৭-০৪-২০২২তাৰিখ বুধবাৰে ইহলীলা সম্বৰণ কৰে। বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী গৰাকীৰ মৃত্যুত অসম অলিম্পিক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে। লগতে পাঞ্জাবাৰী শ্মশানত উপস্থিত হৈ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু উপ সভাপতি জয়ন্ত বড়োৱে প্ৰয়াত তালুকদাৰৰ নশ্বৰদেহত অসম অলিম্পিক সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উপ সভাপতি আৰু সম্পাদকদ্বয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...