‘অভিযুক্তৰ অপমৃত্যু আইনৰ শাসনৰ বাবে অশুভ লক্ষণ’

‘অভিযুক্তৰ অপমৃত্যু আইনৰ শাসনৰ বাবে অশুভ লক্ষণ’। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জল ভূঞাৰ এই মন্তব্যক লৈ দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰিছে। শদিয়াত ২০২৩ বৰ্ষৰ ২৩ ডিচেম্বৰত সংঘটিত ৩ নিৰীহ যুৱকৰ ভুৱা এনকাউন্টাৰৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী আৰু পৰিয়ালে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ পিছতে এই উদ্বিগ্নতা ন্যায়াধীশ গৰাকীৰ। অসমত শেহতীয়াকৈ সংঘটিত ভুৱা সংঘৰ্ষক লৈ নাৰাজ উচ্চতম ন্যায়ালয়। ধাৰাবাহিক ভুৱা এনকাউন্টাৰৰ ঘটনাক লৈ অধিবক্তা আৰিফ জোৱাদ্দাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। সেই আবেদনখনক লৈয়ে উচ্চতম ন্যায়ালয়ত চলি থকা শুনানি সন্দৰ্ভত ২০২৩ৰ শদিয়াৰ ভুৱা এনকাউন্টাৰকলৈ ভুক্তভোগীৰ বিস্ফোৰক শপতনামা। আলফা সজাই ৩ নিৰীহক গুলীয়াইছিল আৰক্ষীয়ে।

শদিয়াৰ দীপজ্যোতি নেওগ, বিশ্বনাথ বৰগোঁহাই আৰু মনোজ বুঢ়াগোহাঁই গুলীবিদ্ধ হৈছিল এই ঘটনাত। মনোজ বুঢ়াগোঁহাইৰ দুভৰিত গুলী লগাৰ বিপৰীতে দীপজ্যোতি আৰু বিশ্বনাথৰ এখনকৈ ভৰিত গুলী লাগিছিল। বিগত ২০২৩ বৰ্ষৰ ২৩ ছেপ্তেম্বৰত নিশা সংঘটিত হৈছিল ঘটনা। অৰুণাচলত বনভোজ খাই ওভতিছিল দীপজ্যোতি, বিশ্বনাথ আৰু মনোজ। হাঁহখাতী বনাঞ্চলত তিনিওকে গাড়ীৰ পৰা নমাইছিল আৰক্ষীয়ে। তলমুৱাকৈ মাটিত পেলাই নিজহাতে ভৰিত গুলীয়াইছিল SPয়ে। সেই সময়ত শদিয়াৰ SP হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল APS মৃণাল ডেকাই। সম্প্ৰতি পূৱ গুৱাহাটী আৰক্ষী জিলাৰ DCP হিচাপে কৰ্তব্য পালন কৰি আছে মৃণাল ডেকাই। এনকাউন্টাৰৰ ঘটনাৰ পিছতে আৰক্ষীৰ দাবী- দীপজ্যোতিয়ে আৰক্ষীৰ আগ্নেয়াস্ত্ৰ কাঢ়ি পলাব খুজিছিল। তেতিয়াই তিনিওৰে ভৰিত গুলীয়াবলৈ বাধ্য হয় হেনো আৰক্ষী। কিন্তু শপতনামাত ভুক্তভোগীয়ে উল্লেখ কৰিছে ১৫ জনীয়া সশস্ত্ৰ দলৰ মাজৰ পৰা পলায়ন একপ্ৰকাৰ অসম্ভৱ। অধিবক্তা আৰিফ জোৱাদ্দাৰৰ PILৰ সন্দৰ্ভতে উচ্চতম ন্যায়ালয়ৰ সন্মুখলৈ আহিছে ভুক্তভোগী আৰু পৰিয়ালৰ এই বিস্ফোৰক শপতনামা। আৰক্ষীয়ে এনকাউন্টাৰৰ সময়ত দাবী কৰা মতে আলফা স্বাধীনত যোগদানৰ বাবে গৈ থকা পথতে সংঘটিত হৈছিল এই ঘটনা। শপতনামাত উল্লেখ থকা মতে বনভোজৰ খাই উভতি আহোঁতে সুৰাপান ৰাগীত টোপনিয়ে হেঁচা মাৰি ধৰিছিল তিনিওকে। গাড়ীত ইন্ধন কম থকা বাবে পথৰ কাষতে গাড়ী ৰখাই শুই পৰিছিল হেনো তিনিও। নিশা প্ৰায় ৯ বজাত প্ৰথমে আছাম ৰাইফলছে আটক কৰি শিবিৰলৈ নিছিল দীপজ্যোতি, বিশ্বনাথ আৰু মনোজক। কেইজনমান সন্দেহযুক্ত আলফা স্বাধীনৰ কেডাৰৰ ফটো দেখুৱাই চিনি পাই নেকি তেওঁলোকক সোধা হৈছিল। কিন্তু ফটোত থকা যুৱককেইজন চিনি পোৱা নাছিল তেওঁলোকে। কিছু সময় পিছতে অসম আৰক্ষীয়ে জিম্মাত লৈছিল ৩ যুৱকক। অসম আৰক্ষীৰ দলটোত আছিল শদিয়াৰ SP মৃণাল ডেকা, Adl. SP বিভাস দাস আৰু ধলাৰ চক্ৰ পৰিদৰ্শক। আৰক্ষীয়ে গাড়ীত তুলি লৈ গৈছিল তিনিওকে। ছখন গাড়ীত কমেও ১৫ জন সশস্ত্ৰ আৰক্ষীৰ লোক আছিল। হাঁহখাতী বনাঞ্চলৰ এটা পথত গাড়ী সোমাই দি SP মৃণাল ডেকাই নিজ হাতেৰে ৩ নিৰীহ যুৱকৰ ভৰিত গুলীয়াই দিছিল। ভুক্তভোগী আৰু পৰিয়ালৰ এই শপতনামাত স্তম্ভিত হৈ পৰিছে ন্যায়াধীশ জে সূৰ্যকান্ত আৰু ন্যায়াধীশ উজ্জল ভূঞাৰ খণ্ড বিচাৰপীঠ। ভুৱা এনকাউন্টাৰক লৈ এখন ন্যায়িক আয়োগ গঠনৰ পোষকতা ন্যায়াধীশ জে সূৰ্যকান্তৰ। ন্যায়াধীশ উজ্জল ভূঞাই ক’লে- অভিযুক্তৰ এনে মৃত্যু আইনৰ শাসনৰ বাবে শুভ লক্ষণ নহয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এনে কঠোৰ স্থিতিৰ পিছত ন্যায় প্ৰাপ্তিক লৈ আশাবাদী হৈ উঠিছে শদিয়াৰ ভুক্তভোগী আৰু পৰিয়াল।

আৰক্ষীয়ে দিয়া মনেসজা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ গুলীবিদ্ধ অৱস্থাতে কেইবামাহ কাৰাবাস খাটিছিল চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল ৩ যুৱক। সম্প্ৰতি জামিনত মুক্ত হৈ তিনিও ঘৰতে আছে যদিও জীৱিকাৰ কোনো উপায় নাই। পূৰ্বে ব্যক্তিগত বাছ চালক হিচাপে কাম কৰা যুৱক তিনিজন এতিয়া পৰিয়াল পোৱপাল দিবলৈ অসমৰ্থ।

মঙলবাৰে উচ্চতম ন্যায়ালয়ত হোৱা শুনানীৰ সময়তে অসম চৰকাৰৰ হৈ অতিৰিক্ত মহাধিবক্তা নলীন কোহলীয়ে খণ্ড বিচাৰপীঠক কয়- ঘটনাৰে জড়িত কোনো আৰক্ষীকে পদন্নোতি দিয়া নাই চৰকাৰে। চৰকাৰৰ তৰফৰ পৰা গোচৰটোক লৈ শপতনামা দাখিলৰ কথাও বিচাৰপীঠক অৱগত কৰে নলীন কোহলীয়ে। শুনানীকালত আবেদনকাৰী অধিবক্তা আৰিফ জোৱাদ্দাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰে বিশিষ্ট আইনবিদ প্ৰশান্ত ভূষণে। উভয় পক্ষৰ যুক্তি শুনাৰ পিছত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ২২ অক্টোবৰত ধাৰ্য কৰে উচ্চতম ন্যায়ালয়ে।

এই সমগ্ৰ ঘটনাটোত আৰক্ষী ক’ত ধৰা পৰিল জানেনে? তদন্ত প্ৰক্ৰিয়াত PUCL অৰ্থাৎ পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ নামত এক ভাৰতীয় মানৱাধিকাৰ সংস্থাৰ নীতি নিৰ্দেশনা ভংগ কৰিছিল আৰক্ষীয়ে। তিনি যুৱকে আৰক্ষীৰ আগ্নেয়াস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰা বুলি কৈছিল আৰক্ষীয়ে। ইপিনে গুলীবিদ্ধ ৩ যুৱক আৰু তেওঁলোকৰ পৰিয়ালে এয়া শীতল মস্তিস্কৰে কৰা ভুৱা এনকাউন্টাৰ বুলি অভিযোগ দিছিল। এই সন্দৰ্ভত কোনো নিৰপেক্ষ আৰু স্বাধীন এজাহাৰ কিন্তু দাখিল নহ’ল। ভুক্তভোগীৰ পৰিয়ালে যুৱককেইজন ঘৰলৈ উভতি নহাত সন্ধানহীনতাৰ গোচৰ দিবলৈ গৈছিল যদিও এজাহাৰ নল’লে আৰক্ষীয়ে। যুৱক তিনিজনে আলফালৈ যোৱা বুলিহে পৰিয়ালৰ পৰা বলপূৰ্বকভাৱে লিখাই লৈছিল আৰক্ষীয়ে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি দীপজ্যোতি নেওগে ধলা থানাৰ চক্ৰ পৰিদৰ্শকৰ পিষ্টলটো কাঢ়িছিল। ঘটনাৰ অভিযোগ দিছিল শদিয়া থানাৰ OCয়ে। তদন্তৰ দায়িত্ব অন্য কোনোবাই ল’ব লাগিছিল। কিন্তু ধলাৰ চক্ৰ পৰিদৰ্শকে নিজেই নিজকে তদন্তকাৰী বিষয়া হিচাপে নিয়োগ কৰিছিল।

এনকাউন্টাৰৰ ঘটনাৰো তদন্তকাৰী বিষয়া আছিল ধলাৰ চক্ৰ পৰিদৰ্শক। অথচ এনকাউন্টাৰ কৰিছিল শদিয়াৰ তদানীন্তন SP মৃণাল ডেকাই। স্বাভাৱিকতে SPৰ বিৰুদ্ধে তদন্ত কৰিব লাগিছিল এজন নিৰপেক্ষ ওপৰৱালা বিষয়াই। কিন্তু সেয়া নহ’ল। SP মৃণাল ডেকাৰ তলতীয়া বিষয়া ধলাৰ চক্ৰ পৰিদৰ্শকে কৰিলে ঘটনাৰ তদন্ত। ফলাফল কি হ’ব পাৰে সেয়া সহজেই অনুমেয়।

এনকাউন্টাৰ হ’লেই দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত হ’ব লাগে বুলি ইতিমধ্যেই নিৰ্দেশ দি থৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শদিয়াৰ ৩ যুৱকৰ ভুৱা এনকাউন্টাৰক লৈও দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হৈছিল। য’ত নিজৰ ভাষ্য প্ৰদান কৰিছিল ভুক্তভোগী আৰু পৰিয়ালে। কিন্তু ৰহস্যজনক কাৰণত দণ্ডাধীশৰ সেই তদন্ত প্ৰতিবেদন কৰ’বাত অন্তৰ্ধান হৈ থাকিল। RTIৰ উত্তৰতো অহা নাই দণ্ডাধীশৰ তদন্ত প্ৰতিবেদন।

এইদৰেই ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰ। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰে পৰা এনকাউন্টাৰক উদগনি যোগাইছে। আৰু তেতিয়াৰে পৰা অৰ্থাৎ ২০২১ৰ মে’ মাহৰ পৰা ২০২২ৰ ৩১ আগষ্টলৈ ৰাজ্যত সংঘটিত হৈছে ১৭১ টা এনকাউন্টাৰৰ ঘটনা। ইয়াৰ ভিতৰত ৫৬ টা ঘটনাত অভিযুক্তৰ মৃত্যু হৈছে। বাকীসকল গুলীবিদ্ধ হৈ আহত হৈছে। ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা তথ্য এয়া। বেচৰকাৰী তথ্য অনুসৰি ২০২২ৰ ছেপ্তেম্বৰৰ পৰা এইপৰ্যন্ত অভিযুক্তৰ মৃত্যুৰ সংখ্যাই স্পৰ্শ কৰিছে ৯০ৰ ঘৰ। গুলীবিদ্ধ হৈ আহতৰ সংখ্যাই অতিক্ৰম কৰিছে ১৫০ৰ ঘৰ।

প্ৰায়বোৰ এনকাউন্টাৰৰ ঘটনাতে অধিকাংশ ৰাইজৰ প্ৰতিক্ৰিয়াও কিন্তু গুৰুত্বপূৰ্ণ। ন্যায় বৰ্হিভূত এনে হত্যাত উৎফুল্লিত বহু লোক। মুখ্যমন্ত্ৰীৰতো সেউজ সংকেত আছেই। তাৰ সুযোগ লৈয়েই আৰক্ষীয়ে সংঘটিত কৰিছে শদিয়াৰ ভুৱা এনকাউন্টাৰৰ দৰে ঘটনা। সম্ভৱতঃ সেয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জাল ভূঞাই কৈছে- অভিযুক্তৰ এনে মৃত্যু আইনৰ শাসনৰ বাবে শুভ লক্ষণ নহয়।

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...