জীৱনৰ চৰম পথ বাচি ললে মালাইকা অৰোৰাৰ পিতৃয়ে

পিতৃৰ আত্মহত্যাৰ পিছতে সামজিক মাধ্যমত বিবৃতি দিছে অভিনেত্ৰী মালাইকা অৰোৰাই। বিবৃতিযোগে পিতৃ অনিল কুলদীপ মেহতাৰ মৃত্যু নিশ্চিত কৰিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰাপ্ত খবৰ অনুসৰি মৃত্যুৰ পূৰ্বে দুই কন্যালৈ ফোন কৰিছিল অনিল মেহতাই। মালাইকা আৰু অমৃতাক জনাইছিল মনৰ কথা।

খবৰ অনুসৰি ১১ ছেপ্টেম্বৰত আত্মহত্যা কৰিছিল অনিল কুলদীপ মেহতাই। বুধবাৰে সন্ধিয়া পৰিয়ালটোৰ মানসিক অৱস্থাৰ কথা উল্লেখ কৰি এটা পষ্ট শ্বেয়াৰ কৰিছিল মালাইকা অৰোৰাই। ইনষ্টাগ্ৰাম পষ্টটোত পিতৃৰ বিষয়ে বহু কথাই লিখিছে অভিনেত্ৰীগৰাকীয়ে। পিতৃক নম্ৰ আৰু নিষ্ঠাবান মানুহ বুলি উল্লেখ কৰিছে মালাইকাই।

মালাইকাৰ প্ৰিয়বন্ধু আছিল দেউতাক। পিতৃৰ মৃত্যু সন্দৰ্ভত সংবাদ মাধ্যমক গোপনীয়তা বজাই ৰাখিবলৈ অনুৰোধ মালাইকাৰ। পিতৃৰ মৃত্যুৰ দিনটোত পুনেৰ এটা অনুষ্ঠানত আছিল মালাইকা। মালাইকালৈ ফোন কৰি নিজৰ শাৰীৰিক-মানসিক অসুস্থতাৰ কথা জনাইছিল পিতৃয়ে। তাৰ পাছতেই চৰম পন্থা বাচি লৈছিল অনিল কুলদীপ মেহতাই। সম্প্ৰতি মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে অনিল মেহতাৰ। ভাভা চিকিৎসালয়ত সম্পন্ন কৰা হৈছে মৰণোত্তৰ পৰীক্ষা।

মেহতাৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে বলীউডত। ছ’চিয়েল মিডিয়াতো বৈছে শোকৰ বন্যা। এই দুখৰ সময়ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে বন্ধুবৰ্গ, সহকৰ্মী তথা অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...