আকৌ এবাৰ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলোৱাৰ ঘটনা

আকৌ এবাৰ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলোৱাৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান মুকালমুৱা। মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰী পহৰা চকীৰ পৰা পলায়ন কৰে জামাল আলী নামৰ এক অভিযুক্তই। পত্নীক নিৰ্যাতন কৰাৰ অভিযোগত আটক হৈছিল জামাল আলী।

শহুৰেকৰ ঘৰৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জামালক আটক কৰিছিল যদিও ধৰি ৰাখিব নোৱাৰিলে। পহৰা চকীটোৰ আইচি তৰণী দাসৰ গাফিলতিৰ বাবেই আটকাধীন এক অভিযুক্তই এইদৰে পলাই যাবলৈ সক্ষম হয় বুলি এতিয়া অভিযোগ উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...