ট্ৰেক্টৰ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ, গুৰুতৰভাবে আহত ৪ পুৰুষ-মহিলা

দ্ৰুতবেগী ট্ৰেক্টৰ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে ৪জন লোক। পূব গোৱালপাৰাৰ শিমলীতোলা পালপাৰাত পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰেক্টৰ আৰু ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষত পুৰুষ-মহিলাসহ গুৰুতৰভাবে আহত হয় ৪জন লোক৷ শিমলীতোলা-গোৱালপাৰা পথত সংঘটিত হয় এই দুৰ্ঘটনা। নম্বৰবিহীন দ্ৰুতবেগী ট্ৰেক্টৰখনে মহতিয়ালে যাত্ৰীবাহী ই-ৰিক্সাক। দুৰ্ঘটনাটোত আহত হয় ই-ৰিক্সাত থকা দীপক দাস, মনিন্দ্ৰ দাস, সুফলা দাস আৰু পদুমী দাস৷ আহত আটাইকেইজনৰ ঘৰ নগৰবেৰাৰ লক্ষণপুৰ আৰু চেনীমাৰাত৷ আহত লোক কেইজনক সংকটজনক অৱস্থাত শিমলীতোলা কে এন মেধি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ ঘটনাস্থলীত শিমলীতোল আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰ আৰু ই-ৰিক্সাখন৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...